ৰূপহীহাট,13 এপ্ৰিল : দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱাৰ সময়ত ৰূপহীহাটৰ প্ৰথমজন লোকৰ শৰীৰত ধৰা পৰিছে ক‘ভিড-19ৰ অৱস্থিতি । ৰূপহীহাটৰ ঔঅনাৰ ৩৪ বছৰীয়া খাইৰুল ইছলাম নামৰ ব্যক্তিজন আক্ৰান্ত হৈছে কৰ‘ণাত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীৰ শৰীৰত কৰ'ণা - ৰূপহী মডেল হাস্পতাল
ৰূপহীহাটৰ প্ৰথমজন লোকৰ শৰীৰত ধৰা পৰিছে ক‘ভিড-19 ৰ অৱস্থিতি । ৰূপহীহাটৰ ঔঅনাৰ ৩৪ বছৰীয়া খাইৰুল ইছলাম নামৰ ব্যক্তিজন আক্ৰান্ত হৈছে কৰ‘ণাত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীৰ শৰীৰত কৰ'ণা !
ব্যক্তিজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী হিচাপে কৰ্মৰত আছিল । ৰূপহী মডেল হাস্পতালত ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি । কৰ'ণাৰ দ্বিতীয় ঢৌৰ প্ৰথম গৰাকী ক‘ভিড ৰোগীক লৈ এতিয়া ৰূপহীহাটত সৃষ্টি হৈছে আতংকৰ ।
লগতে পঢ়ক: টাটা টিৰ কাৰ্যালয় স্থানান্তৰণ সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে?