চামগুৰিত অব্যাহত বন মাফিয়াৰ দৌৰাত্ম ৷
গছ-গছনি কাটি উদঙ কৰিছে চোৱাং বনাঞ্চল ।
চামগুৰিৰ নিকটবৰ্তী লাল পাহাৰত বৃহস্পতি বাৰে নিশা বন মাফিয়াই কাটি নিয়ে মূল্যবান গছ ।
স্থানীয় ৰাইজে পুৱাই এই কথা অৱগত কৰে শালনা আঞ্চলিক বন বিষয়াক ।

কিছু সময়ৰ পিচত ঘটনাস্থলীত বন বিভাগ আৰু সাংবাদিকৰ দল উপস্থিত হয় ৷
সাংবাদিকক দেখি খৰ্গহস্ত হৈ পৰে এগৰাকী বন বিষয়া ।
সাংবাদিকক খবৰ দিয়াৰ বাবে স্থানীয় ৰাইজৰ লগতো তৰ্কা তৰ্কিত লিপ্ত হয় বন বিষয়াজন ।
কেৱল ৰাইজকেই নহয় সাংবাদিক দলটোকো অপদস্থ কৰে বন বিষয়াজনে ।
বনকৰ্মী আৰু বন মাফিয়াৰ মাজত গোপন বুজাবুজি থকাৰ সন্দেহ স্থানীয় লোকৰ ৷