ৰূপহীহাট,12আগষ্টঃবুঢ়াচাপৰি অভয়াৰণ্যত একেটা মাহতে এটা পহুৰ লগতে এটা বনৰীয়া ম’হ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । বুঢ়াচাপৰি অভয়াৰন্যত এফালে বান , আনফালে ৮ জন বন কৰ্মীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চোৰাং চিকাৰীয়ে ।
বন বিভাগৰ অভিযানত বঢ়াচাপৰি অভয়াৰণ্যত আটক চোৰাং চিকাৰী - বনৰীয়া ম'হ এটাক ফন্দি পাতি হত্যা কৰাৰ চেষ্টা
বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি। বন বিভাগৰ অভিযানত বনৰীয়া ম'হ হত্যাকাৰী চোৰাং চিকাৰীক আটক।
সোমবাৰে নিশা বুঢ়াচাপৰি অভয়াৰণ্যৰ বাটলি চাপৰিৰ নতুন চৰত বনৰীয়া ম'হ এটাক ফন্দি পাতি হত্যা কৰাৰ চেষ্টা কৰে চোৰাং চিকাৰীয়ে । ইপিনে চোৰং চিকাৰীয়ে বনৰীয়া ম'হ টোক ফন্দিত আবদ্ধ কৰি ৰখাৰ খৱৰ লাভ কৰি বন বিভাগে ঘটনাস্থলীত উপস্থিত হয় যদিও উপযুক্ত চিকিৎসাৰ অভাৱত ফন্দিত আবদ্ধ হৈ থকা ম’হটোৰ বন বিভাগৰ বিষয়া-কৰ্মীৰ সন্মুখতে মৃত্যু হয়।
আনহাতে বুধবাৰে ঘটনাস্থলীত বন বিভাগৰ উচ্চ পদস্থ বিষয়াই বৃহৎ বন কৰ্মীৰ দল লৈ ৰাতি পুৱা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৷ অভিযানকালত আতাবুৰ ৰহমান নামৰ এটা চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও চোৰাং চিকাৰীৰ দলটোৰ বাকিকেইটা সদস্য পলাই যাবলৈ সক্ষম হয় । ইপিনে ইতিমধ্যে বন বিভাগে মৃত ম'হ টোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ নগাঁৱত চৰকাৰী দোকান গৃহ নিৰ্মাণক লৈ দুৰ্নীতিৰ অভিযোগ