অসম

assam

By

Published : May 30, 2019, 9:28 PM IST

ETV Bharat / state

জুৰীয়াত চৈধ্যজন লোকক বিদেশী ঘোষণা

জুৰীয়াত বিদেশী ন্যায়াধীকৰণৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ জুৰীয়া আৰক্ষী থানা এলেকাৰ চৈধ্য জনকৈ লোকক বিদেশী ঘোষণা। আদালতৰ ঘোষণাৰ পিছতেই পলায়ন বিদেশীৰ ৷

জুৰীয়াত চৈধ্যজনকৈ লোকক বিদেশী ঘোষণা

জুৰীয়া, 30 মে’:জুৰীয়াস্থিত বিদেশী ন্যায়ধীকৰণৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ জুৰীয়াৰ চৈধ্যজনকৈ লোকক বিদেশী ঘোষণা আদালতৰ ৷ আনহাতে আব্দুল ৰহিম আৰু বাহৰুল ইছলামক বাংলাদেশী ঘোষণা কৰাৰ পাচত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় অঞ্চলটোত ৷

জুৰীয়াত চৈধ্যজনকৈ লোকক বিদেশী ঘোষণা

যিহেতু আব্দুল ৰহিমৰ পিতৃ স্বদেশী তেন্তে পুত্ৰ কেনেকৈ বিদেশী হ’ব বুলি প্ৰশ্ন পিতৃৰ ৷ আদালতে দিয়া ৰায়দানত বিদেশী ঘোষিত লোকসকলৰ ভিতৰত আছে বাহাৰুল ইছলাম,আমিনা খাতুন,আচপিনা খাতুন,ছহিদুল ইছলাম,ফিৰোজা খাতুন,ৰহিমা খাতুন,আব্দুল খালেক,হাছিনা খাতুন, জাহেৰা খাতুন,আব্দুৰ ৰহমান,ওচমান আলী,চুকুৰজান নেচা,মমতাজ বেগম,চফিকুল ৰহমান। দীৰ্ঘদিন ধৰি এওঁলোকৰ বিৰুদ্ধে বিদেশী ন্যায়ধীকৰণত চলি আছিল গোচৰ।

উল্লেখ্য যে, বিদেশী ঘোষিত হোৱাৰ পিছতেই বিদেশী বুলি ঘোষিত আটাইকেইজন লোকে আত্মগোপন কৰে। ইপিনে চৈধ্যজনকৈ লোকক বিদেশী বুলি আদালতে দিয়া ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।

ABOUT THE AUTHOR

...view details