অসম

assam

ETV Bharat / state

কাইলৈৰ পৰা কঠোৰ হ’ব নগাঁও যান-বাহন আৰক্ষী ! - বাহন আৰক্ষী

যান-জঁটৰ লগতে মানুহৰ অত্যাধিক ভিৰ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে নগাঁৱৰ যান-বাহন আৰক্ষী ৷ নগাঁও হয়বৰগাঁৱত কাইলৈৰ পৰা নাথাকিব পদ পথৰ দোকান ৷ নিয়ম উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ আৰক্ষীৰ ৷

নগাঁও হয়বৰগাঁৱত কাইলৈৰ পৰা নাথাকিব পদপথৰ দোকান
নগাঁও হয়বৰগাঁৱত কাইলৈৰ পৰা নাথাকিব পদপথৰ দোকান

By

Published : Jul 22, 2020, 7:22 PM IST

নগাঁও, 22 জুলাইঃ নগাঁৱৰ হয়বৰগাঁৱত যাট-জট নিয়ন্ত্ৰণৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ ৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ হয়বৰগাঁৱত পদপথত পাতিব নোৱাৰিব কোনো দোকান ৷ লগতে পদপথৰ কাষত থকা দোকান সমূহেও পদপথ ব্যৱসায়িক লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷

কাইলৈৰ পৰা কঠোৰ হ’ব নগাঁও যান-বাহন আৰক্ষী

নগাঁও যান-বাহন আৰক্ষীৰ লগতে হয়বৰগাঁও আৰক্ষীয়ে বুধবাৰে হয়বৰগাঁৱৰ পদপথত থকা দোকান সমূহ কাইলৈৰ পৰা বন্ধ ৰাখিবলৈ মাইকযোগে আহ্বান জনায় ৷ ইপিনে ন’ পাৰ্কিং এলেকাত পাৰ্ক কৰাৰ লগতে ডাবল পাৰ্কিং কৰা বাহনৰ ক্ষেত্ৰতো আৰক্ষী কঠোৰ হ’ব বুলি উল্লেখ কৰে ৷ কোনো দোকানৰ সমুখত পথৰ ওপৰত গাড়ী ৰাখিলে দোকানৰ গৰাকীকো জৰিমনা বিহা হ’ব বুলি আৰক্ষীয়ে কৰা ঘোষণাত প্ৰকাশ পায় ৷

উল্লেখ্য যে,অঞ্চলটোত পাৰ্কিং আৰু পদপথৰ দোকানৰ বাবে যান জঁট সৃষ্টিৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই উঠি আহিছিল ৷ ইপিনে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক সামাজিক দুৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশনা দিয়া সত্বেও নগাঁও চহৰৰ হয়বৰগাঁৱত সকলো নীতি নিয়ম উলংঘা কৰি ভিৰ কৰে বহু লোকে ৷ এনে পৰিপ্ৰেক্ষিততেই অধিক কঠোৰ হৈছে জিলাখনৰ আৰক্ষী ৷

বৃহস্পতিবাৰৰ পৰা পদপথত দোকান দিয়া আৰু পাৰ্কিংৰ নামত যান জঁট সৃষ্টি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অৱগত কৰে যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনে ৷

লগতে পঢ়কঃআপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি ? সাৱধান

ABOUT THE AUTHOR

...view details