বিহুৰ ভোজভাতত বিষক্ৰিয়া - feast
নগাঁৱৰ ধিঙৰ তেতেলিগুৰিত বিহুৰ ভোজভাত সংঘটিত বিষক্ৰিয়া ৷ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত গাঁওখনৰ 14জন লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ বিহু উপলক্ষে মঙলবাৰে গাঁওখনত আয়োজন কৰা ভোজভাতৰ মাছ-মাংস খোৱাৰ পাচতে একাংশ লোকে বমি কৰিবলৈ লয় ৷
বিহুৰ ভোজভাতত বিষক্ৰিয়া
বটদ্ৰৱা, 16 এপ্ৰিলঃ নগাঁৱৰ ধিঙৰ তেতেলিগুৰিত বিহুৰ ভোজভাত সংঘটিত বিষক্ৰিয়া ৷ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত গাঁওখনৰ 14জন লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ বিহু উপলক্ষে মঙলবাৰে গাঁওখনত আয়োজন কৰা ভোজভাতৰ মাছ-মাংস খোৱাৰ পাচতে একাংশ লোকে বমি কৰিবলৈ লয় ৷ অসুস্থ লোককেইজনক ধিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ফৰ্মেলিনযুক্ত মাছ খোৱাৰ ফলতে খাদ্যৰ বিষক্ৰিয়া হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷