চামগুৰি,29 মে’:ক’ভিড সৃষ্ট পৰিৱেশে জুৰুলা কৰিছে সাধাৰণ ৰাইজক ৷ আৰ্থিক দুৰৱস্থাৰ ফলত দিশহাৰা হৈ পৰিছে খাটিখোৱা ৰাইজ ৷ ক’ভিড মহামাৰীৰ ফলত বিশেষকৈ পদপথত থকা লোকসকলে অনাহাৰে-অনিদ্ৰাৰে দিন কটাব লগাত পৰিছে ৷
ক’ভিড-১৯ ৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে পদপথত বসবাস কৰা বহুলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ কেইগৰাকীমান ছাত্ৰ । উল্লেখ্য যে, নগাঁৱৰ ছাত্ৰ সমাজে ব্যক্তিগত প্ৰচেষ্টাত নিজৰ গাঁঠিৰ ধন ভাঙি নগাঁৱৰ পদপথত বসবাস লোকসকলক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷
পদপথত বাস কৰা লোকক খাদ্য বিতৰণ নগাঁও ছাত্ৰ সমাজৰ শুকুৰবাৰে পুৱাৰে পৰা নগাঁৱৰ ছাত্ৰ কেইজনে পদপথত বাস কৰা 60 জন লোকক ব্ৰেড, জাম, চুগাৰ ফ্ৰী বিস্কুটৰ লগতে এটাকৈ পানীৰ বটল বিতৰণ কৰে । বিগত কেইবামাহ ধৰি নগাঁৱত ছাত্ৰ কেইজনে ব্যক্তিগত প্ৰচেষ্টাৰে বিতৰণ কৰি আহিছে খাদ্য সমগ্ৰী ৷ নিজৰ সাধ্য অনুযায়ী খাদ্য সংকটত ভোগা লোকসকলক সহায়ৰ হাত আগবঢ়োৱা নগাঁৱৰ ছাত্ৰ কেইগৰাকীৰ প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক:সৰুপথাৰত পথৰ দাঁতিত অসুস্থ অৱস্থাত কিশোৰী উদ্ধাৰ