অসম

assam

By

Published : Jul 19, 2020, 7:56 PM IST

ETV Bharat / state

কাজিৰঙাৰ বন কৰ্মীলৈ সাহাৰ্য‍ প্ৰদান কলিয়াবৰ মহকুমা প্ৰশাসনৰ

কলিয়াবৰ মহকুমা প্ৰশাসনৰ পদক্ষেপ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ বানৰ সময়ত কৰ্তব‍্যৰত বন কৰ্মীসকললৈ সাহাৰ্য‍ প্ৰদান ৷

Food and Assantial Goods to Foresters of Kaziranga national park Kaliabor Sub Dividion Donention
কাজিৰঙাৰ বন কৰ্মীলৈ সাহাৰ্য‍্য

কলিয়াবৰ,19জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ সংৰক্ষিত অঞ্চলৰ বন কৰ্মীলৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ খাদ‍্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ বানৰ সময়ত কৰ্তব‍্যৰত বন কৰ্মীসকললৈ আগবঢ়োৱা সামগ্ৰীসমূহ দেওবাৰে আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ।

কাজিৰঙাৰ বন কৰ্মীলৈ সাহাৰ্য‍ প্ৰদান কলিয়াবৰ মহকুমা প্ৰশাসনৰ

বুঢ়াপাহাৰ বনাঞ্চলৰ ঘোঁৰাকাটিত থকা আঞ্চলিক বন বিষয়াৰ কাৰ্য‍্যালয়ত বন কৰ্মী আৰু অসম বেটালিয়নৰ নিয়োজিত আৰক্ষী কৰ্মীৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰে বুঢ়াপাহাৰ আঞ্চলিক বন বিষয়া প্ৰদীপ কুমাৰ গোস্বামীয়ে। উল্লেখযোগ‍্য যে, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগৰ বিশেষ তৎপৰতাত এই সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ জোনাইত বিদুৎ বিভাগৰ মৰনফান্দ

ABOUT THE AUTHOR

...view details