কলিয়াবৰ, 29 মাৰ্চ :পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৷ বাপতি সাহোন বিহুক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া (Bihu preparation in Assam) । উজনিৰ পৰা নামনিলৈ ব্যস্ত প্ৰতিজন অসমীয়া ৷ গাত তৰনি নাই ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৰে ৷
কৰ’বাত যদি ডেকা-গাভৰুৱে কৰিছে বিহুৰ আখৰা, আন কৰ’বাত আকৌ মূৰ তুলিবলৈকে আহৰি নাই শিপিনীৰ ৷ ইয়াৰ মাজতে আকৌ ৰঙালীক লৈ ব্যস্ততা বাঢ়িছে ৰাজ্যৰ একাংশ চহা শিল্পীৰ । কলিয়াবৰৰ এনে এগৰাকী শিল্পী হ'ল নন্দলাল ৰবিদাস । ৰঙালী বিহুৰ মাজতে এটি চৰ্চিত নাম নন্দলাল ৰবি দাস ।
বিহু বুলি কলিয়াবৰৰ এইগৰাকী ব্যক্তি ব্যস্ত হৈ পৰে থলুৱা বাদ্য নিৰ্মাণ কৰাত । পেছাত এজন দমকল মিস্ত্ৰী কলিয়াবৰৰ হাতীগাঁৱৰ নিবাসী নন্দলাল ৰবিদাস ৷ পেঁপা, গগণা, সুতুলি আদি থলুৱা বাদ্য নিজ হাতেৰে তৈয়াৰ কৰি তেওঁ চৰ্চিত হৈ পৰে কলিয়াবৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলবোৰতো ।