অসম

assam

ETV Bharat / state

নগাঁৱত মাজনিশা পৰ্যন্ত বাহনত তালাচী চলালে আৰক্ষীয়ে - বিধানসভা নিৰ্বাচন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে । মাজনিশাও নগাঁও চহৰত প্ৰৱেশ কৰা বাহনসমূহত তালাচী চলালে স্পেচিয়েল টাস্ক ফ'ৰ্চে ।

নগাঁৱত মাজনিশা পৰ্যন্ত বাহনত তালাচী চলালে আৰক্ষীয়ে
নগাঁৱত মাজনিশা পৰ্যন্ত বাহনত তালাচী চলালে আৰক্ষীয়ে

By

Published : Mar 6, 2021, 8:31 PM IST

নগাঁও, ৬ মাৰ্চ: বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে নগাঁৱত । দিনে-নিশাই তালাচী অভিযান চলাইছে ফ্লায়িং স্কোৱাড টীমে । আপত্তিজনক সামগ্ৰীসহ কোনো লোক নগাঁও চহৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা সষ্টম হৈ পৰিছে বিশেষ বাহিনী ।

নগাঁৱত মাজনিশা পৰ্যন্ত বাহনত তালাচী চলালে আৰক্ষীয়ে

শুক্ৰবাৰে নিশা চাৰিও দিশৰ পৰা নগাঁও চহৰত প্ৰৱেশ কৰা বাহনসমূহত তালাচী চলালে স্পেচিয়েল টাস্ক ফ'ৰ্চে । কেইবাটাও দলত বিভক্ত হৈ স্পেচিয়েল টাস্ক ফ'ৰ্চে তালাচী চলায় ।

উল্লেখ্য যে, উপযুক্ত নথি অবিহনে ৫০ হাজাৰ টকাতকৈ অধিক নগদ ধন, কোনো নথি-পত্ৰ নোহোৱাকৈ অধিক সামগ্ৰী আৰু অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ কৰাত সম্প্ৰতি বাধা আৰোপ কৰা হৈছে । আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

ABOUT THE AUTHOR

...view details