কলিয়াবৰ, 7 ছেপ্টেম্বৰ : ভদীয়া বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল এতিয়া প্ৰায় বানমুক্ত ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৪ টা বন শিৱিৰৰ ১১ টা বন শিবিৰ জলমগ্ন হৈছিল ভদীয়া বানত । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত হ্ৰাস পোৱাত ক্ৰমাৎ বানমুক্ত হৈছে ১০ টা বন শিৱিৰ । বানৰ সময়ছোৱাত বুঢ়াপাহাৰ বনাঞ্চলত ৩ টা হৰিণা বৰ্তমানলৈকে মৃত্যু হৈছে । ইয়াৰে ২ টা কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলোতে গাড়ীৰ খুন্দাত মৃত্যু হৈছে । আনহাতে বানৰ সময়ত কুকুৰ কামোৰত ১ টা হৰিণাৰ মৃত্যু হৈছে ।
বন্যজন্তু সমূহক চোৰাং চিকাৰীৰ কৱলৰ পৰা নিৰাপদে ৰাখিবলৈ ২৪ ঘন্টাই অধিক সষ্টম হৈ আছে বনৰক্ষীসকল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ প্ৰয়োজন মতেই বান হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰ বানমুক্ত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া একাংশ বন শিবিৰহে বৰ্তমান বান কৱলত আছে । পূৰ্বৰ দৰে এইবাৰ বন্যজন্তুৰ খাদ্যৰ সংকট নহয় কাজিৰঙাত ।