অসম

assam

By

Published : May 17, 2022, 7:26 PM IST

ETV Bharat / state

নিশাৰী নৈৰ ভয়ংকৰ ৰূপ: প্লাৱিত কামপুৰৰ কেইবাখনো গাঁও

ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Flood situation grim in Assam) ৷ প্ৰায় ২০ খন জিলাৰ ৬৫২ খন গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বানত ৷ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামপুৰত ভয়াবহ বান পৰিস্থিতি । নিশাৰী নৈয়ে লৈছে সংহাৰী ৰূপ ।

Flood situation grim in Assam
নিশাৰী নৈৰ ভয়ংকৰ ৰূপ: প্লাৱিত কামপুৰৰ কেইবাখনো গাঁও

বঢ়মপুৰ,১৭ মে': ক্ৰমাৎ অধিক বেয়াৰ দিশে ঢাল খাইছে ৰাজ্যৰ বান পৰিস্থিতি(Flood situation become critical in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি প্ৰায়সমূহ নৈ-উপনৈ বৈছে বিপদসীমাৰ ওপৰৰে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(ASDM)ৰ তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে (Hundreds of villages affected by floods in Assam) ৷

কপিলী আৰু বৰপানীৰ পাছত সংহাৰী ৰূপ ধাৰণ কৰিছে নিশাৰী নৈয়ে । নিশাৰী নৈৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী পথৰ ওপৰৰে বাগৰাৰ লগতে বাঢ়নী পানীয়ে প্লাবিত কৰিছে তেতেলীসৰা পঞ্চায়তৰ ১৬ খনকৈ ৰাজহ গাঁও । জলমগ্ন হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল(Vast areas of Kampur affected by floods) ।

নিশাৰী নৈৰ ভয়ংকৰ ৰূপ: প্লাৱিত কামপুৰৰ কেইবাখনো গাঁও

গৃহতে আৱদ্ধ হৈ পৰিছে বানাক্ৰান্ত লোক, নাজল নাথল অৱস্থা পশুধনৰ । কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানি পথৰ ওপৰতো একাঠু পৰ্যন্ত পানী । বৰ্নাত্য সকলে ঘৰ-দুৱাৰ এৰি টালি-টোপোলা বান্ধি পশুধনক লগত লৈ ঢাপলি মেলিছে ওখ স্থানলৈ ।

ইতিমধ্যে উক্ত স্থানত নগাঁৱৰ জিলা উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে বৰ্নাত্য সকলৰ সমস্যা বুজ লয় বুলি জানিব পৰা গৈছে । আনহাতে কামপুৰ আৰক্ষীয়ে কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানি পথৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ।

লগতে পঢ়ক:বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

ABOUT THE AUTHOR

...view details