বঢ়মপুৰ, 25 ছেপ্তেম্বৰ: আহিন মহীয়া বানত ডুবিছে কামপুৰ ৷ কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবেই বৃদ্ধি পাইছে বৰপানী নৈৰ জলস্তৰ ৷ বৰপানী নৈ উফন্দি উঠা জলস্তৰে ভাঙিলে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ ৷ পথৰ ওপৰৰে তীব্ৰ গতিত বাগৰিছে পানী ৷ বাসগৃহৰ লগতে প্ৰায় শহস্ৰাধিক বিঘা শালি ধানৰ খেতিও বিনষ্ট কৰিছে বানে ৷ ঘৰৰ ভিতৰতে এতিয়া একঁকাল পানীত বুৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ ৷ ইমানৰ পাচতো বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰৰ বাবে সেই অঞ্চলত কোনো ধৰণৰ উদ্ধাৰকাৰীৰ দল কিম্বা প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
কামপুৰত আহিন মহীয়া বানৰ তাণ্ডৱ - কামপুৰত আহিন মহীয়া বানৰ তাণ্ডৱ
কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবেই বৃদ্ধি পাইছে বৰপানী নৈৰ জলস্তৰ ৷ বৰপানী নৈ উফন্দি উঠা জলস্তৰে ভাঙিলে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ ৷
আহিন মহীয়া বানৰ তাণ্ডৱ