অসম

assam

ETV Bharat / state

বানপানী শুকাল,কিন্তু এতিয়াও চকুত চকুলো কামপুৰৰ কৃষকৰ - Barhampur

নগাঁৱৰ বঢ়মপুৰত প্ৰায় 600 বিঘা মাটিত কৰা বিভিন্ন ধানৰ খেতি বানে উটুৱাই নিয়াতমূৰে কপালে হাত দিছে কৃষকে ৷ কৃষক ৰাইজৰ মাজত নতুন কঠিয়া বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাইজৰ ৷

এতিয়াও চকুত চকুলো কামপুৰৰ কৃষকৰ

By

Published : Jul 27, 2019, 3:03 PM IST

বঢ়মপুৰ, 27 জুলাই : শাওণ মাহ। এইয়া সময় পথাৰত হালোৱা ৰুৱনীয়ে সেউজীয়া সপোন ৰচাৰ। কিন্তু এই সময়তো কামপুৰৰ কৃষকৰ মনত নাই উচাহ। প্ৰলয়ংকৰী বানৰ পিছত তীব্ৰ সংকটত পৰি দিক্ বিদিক হেৰুৱাইছে কামপুৰৰ কৃষক ৰাইজে ৷ কিয়নো প্ৰলয়ংকৰী বানে ধুই লৈ গ'ল কৃষকৰ সপোনবোৰ ৷ প্ৰায় 600 বিঘা মাটিত বাওঁধান,শালি ধানৰ কঠিয়া,শালি ধানৰ ৰোৱা সকলো বোৰ বানত জাহ গল। নিজৰ কৃষিভূমি ডৰা দেখি এতিয়া বছৰটোৰ ভাতমুঠিৰ বাবে মূৰে কপালে হাত দিছে কৃষকে ৷

এতিয়াও চকুত চকুলো কামপুৰৰ কৃষকৰ

কৃষিপ্ৰধান অঞ্চলটোত চৰকাৰীভাৱে কৃষক সকলে বৰ্তমানেও লাভ কৰা নাই কোনোধৰণৰ সাহায্য ৷ সেয়েহে কামপুৰৰ ডবকাৰ পৰা পলশালৈকে থকা নিশাৰী নদীৰ নদীবান্ধটো নিৰ্মাণৰ লগতে কৃষক ৰাইজৰ মাজত নতুন কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details