কলিয়াবৰ, ২ ছেপ্টেম্বৰ :ৰাজ্যৰ শেহতীয়া বানত জলমগ্ন হৈছে উজনি-নামনিৰ কেইবাখনো জিলা । ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল । ধন-জন হানি হোৱাৰ উপৰি পানীৰ তলত বিস্তৰ কৃষিভূমি । আনহাতে, চলিত বাৰিষাৰ তৃতীয়টো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো । অৱশ্যে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নতি হোৱাৰ সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰী উদ্য়ানৰ পৰাও ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী নামিবলৈ আৰম্ভ কৰিছে ।
অৱশ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰত থকা হাতী কেম্পকে ধৰি জলমগ্ন হৈ আছে চাৰিটা বন শিবিৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ৩৩ টা বন শিবিৰৰ বৰ্তমান ৪ টা বন শিবিৰ প্লাৱিত হৈ আছে । আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে কমি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানমুক্ত হোৱাৰ দিশে গতি কৰেছে ।