অসম

assam

By

Published : Oct 31, 2019, 5:26 PM IST

Updated : Oct 31, 2019, 10:28 PM IST

ETV Bharat / state

কামপুৰত নিশাৰী নৈৰ বানৰ তাণ্ডৱ

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ তেতেলীসৰা, কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপক দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষক সকল ৷

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰালে শ শ বিঘা শালি ধান খেতি

বঢ়মপুৰ, 31 অক্টোবৰ: বৰপানী, কপিলী নৈৰ পাছত বঢ়মপুৰৰ কামপুৰত এইবাৰ নিশাৰী নৈৰ তাণ্ডৱ ৷ নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে কামপুৰ তেতেলীসৰা, কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ কলপক দিয়া সময়ত শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষকসকল ৷

নিশাৰী নৈৰ বাঢ়নী পানীয়ে বুৰালে শ শ বিঘা শালি ধান খেতি
নিশাৰী নৈৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলালে কামপুৰ তেতেলীসৰা আৰু কঠিয়াতলী অঞ্চলৰ শ শ বিঘা শালি ধানৰ খেতি ৷ ধান পকাৰ সময়তে শালি ধানৰ খেতিত পানী সোমোৱাত দিশহাৰা কৃষক সমাজ ৷ হাজাৰ হাজাৰ টকা খৰচ কৰি কৃষক সকলে বছৰটোৰ বাবে ধান মুঠি যোগাৰ কৰে, কৃষকৰ সেই সোনালী সপোন নিশাৰ ভিতৰতে তচ-নচ কৰিলে নিশাৰী নৈৰ বাঢ়নী পানীয়ে, যাৰ বাবে এতিয়া সৰ্বস্বান্ত হোৱাৰ পথত বঢ়মপুৰৰ কৃষক৷
Last Updated : Oct 31, 2019, 10:28 PM IST

ABOUT THE AUTHOR

...view details