নগাঁও, 23 জুলাই : বানত ধুই লৈ গ'ল নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ বাদ পৰি ৰোৱা নাই চাৰি নং বগামুখ প্ৰাথমিক বিদ্যালয়ো ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তচনচ কৰি থৈ গ'ল গাঁওখনৰ লগতে বিদ্যালয়খন। ইতিমধ্যে লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন ৷ বিদ্যালয় কৰ্তৃপক্ষই খুলি নিছে বিদ্যালয়খনৰ টিন-আচবাব আদি। ফলত অনিশ্চয়তাৰ দিশে গতি কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ৷ ইপিনে লুইতে ধু্ই নিয়া অঞ্চলটোৰ ৰাইজে ঘৰ-বাৰী হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে ৷ এসময়ত কৃষি কৰ্মৰে স্বচ্ছল জীৱন যাপন কৰা ৰাইজৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাত এতিয়া আনৰ ঘৰত হাজিৰ কাম কৰি পৰিয়াল পোহপাল দিয়াৰ পৰিকল্পনা কৰিছে ৷
বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে - বানপানী
বানত ধুই লৈ গ'ল নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ বাদ পৰি ৰোৱা নাই চাৰি নং বগামুখ প্ৰাথমিক বিদ্যালয়ো ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তচনচ কৰি থৈ গ'ল গাঁওখনৰ লগতে বিদ্যালয়খন ।
বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে
উল্লেখ্য যে,বিগত পাঁচ ছয় বছৰ ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামুগুৰিৰ লাওখোৱাত লুইতৰ খহনীয়াই হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰাৰ পাচতো আজি পৰ্যন্ত কোনো স্থায়ী সমাধান নোহোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ।