অসম

assam

ETV Bharat / state

ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ - KNP

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত প্ৰতিবছৰে মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাৱে মাছ ধৰা পৰম্পৰা আছে যদিও এইবাৰ সেই পৰম্পৰাত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ ৷ জীৱ-জন্তুৰ সুৰক্ষা আৰু জৈৱ-বৈচিত্ৰ‍্য ৰক্ষা তথা পৰ্যটকক আকৰ্ষণ কৰাৰ স্বাৰ্থত পূৰ্বৰে পৰা চলি অহা ভোগালীৰ উৰুকাৰ মাছ ধৰা পৰ্ব নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।

ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ
ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ

By

Published : Jan 11, 2021, 8:32 PM IST

কলিয়াবৰ,11 জানুৱাৰী:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত মৎস চিকাৰৰ আনন্দ-উল্লাস দেখা পোৱা নাযাব এইবাৰৰ উৰুকাৰ ৰাতিপুৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-জন্তুৰ সুৰক্ষা আৰু জৈৱ-বৈচিত্ৰ‍্য ৰক্ষা তথা পৰ্যটকক আকৰ্ষণ কৰাৰ স্বাৰ্থত পূৰ্বৰে পৰা চলি অহা ভোগালীৰ উৰুকাৰ মাছ ধৰা পৰ্ব নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত প্ৰতিবছৰে মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়া ভাৱে মাছ ধৰা পৰম্পৰা আছে যদিও এইবাৰ সেই পৰম্পৰাত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ ৷

ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ

উল্লেখ্য যে,মাছ ধৰাৰ নামত জাক-জাক মানুহ প্ৰৱেশ কৰি ৰাজহুৱা শান্তি-শৃংখলা ব্যাহত কৰি বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি মাতি অনাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণ আইনখনো ভংগ কৰি আহিছে ৷ তাৰ পৰিপ্ৰেক্ষিততে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন মৰ্মে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা দণ্ডাধীশে এক আদেশ যোগে মহকুমাটোৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ নং ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ

সমগ্ৰ এলেকাটোত ১৩ আৰু ১৪ জানুৱাৰীত পাঁচজন বা ততোধিক ব্যক্তিৰ সমাগম,যি কোনো ধৰণৰ মাছ ধৰা সঁজুলিৰ লগতে যি কোনো ধৰণৰ অস্ত্ৰ কঢ়িয়াই লৈ ফুৰাত নিশাধাজ্ঞা আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত আৰক্ষী বা বনৰক্ষী বাহিনী এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব। এই আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগত ভাবে ব্যৱস্থা লোৱা হ'ব বুলিও জনসংযোগৰ প্ৰেছ বাৰ্তা নং-৭৫৪ যোগে উদ‍্যানখনৰ সঞ্চালক আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে অৱগত কৰে ৷

লগতে পঢ়ক:কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ হ'ব

ABOUT THE AUTHOR

...view details