নগাঁও,12 জানুৱাৰী :ভোগালী বিহুৰ প্ৰাকমহুৰ্তত নগাঁৱত মুকলি কৰা হ'ল ফিছফেড । সুলভ মূল্যতে মৎস্য বিক্ৰী কৰাৰ বাবে নগাঁও মীন বিভাগৰ সহযোগত অংকুৰ নামৰ এটা প্ৰতিষ্ঠানে মুকলি কৰে ফিছফেডটো । নগাঁৱৰ ভূঞাপট্টিস্থিত মীন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিহু উপলক্ষে সুলভ মূল্যত মৎস্য বিক্ৰীৰ ব্যৱস্থা কৰে অংকুৰ নামৰ প্ৰতিষ্ঠানটোৱে।
নগাঁও মীন বিভাগৰ সহযোগত নগাঁৱত মুকলি কৰা হ'ল ফিছফেড - nagaon
নগাঁও মীন বিভাগৰ সহযোগত অংকুৰ নামৰ প্ৰতিষ্ঠানটোৱে নগাঁৱত মুকলি কৰিলে ফিছফেড ৷ ফিছফেডত সুলভ মূল্যত থলুৱা জীৱিত মাছৰ লগতে মাছৰ বিভিন্ন আঞ্জাৰ সোৱাদ দিয়াৰো ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে ৷
নগাঁৱত মুকলি কৰা হ'ল ফিছফেড
উল্লেখ্য যে মঙলবাৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞাই মুকলি কৰা প্ৰতিষ্ঠানটোৱে মৎস্য পালনৰ ব্যৱস্থা কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে ফিছফেডৰ জৰিয়তে। প্ৰতিষ্ঠানটোৱে ফিছফেডত গ্ৰাহকক সুলভ মূল্যত থলুৱা জীৱিত মাছৰ লগতে মাছৰ বিভিন্ন আঞ্জাৰ সোৱাদ দিয়াৰো ব্যৱস্থা কৰিছে ৷