অসম

assam

ETV Bharat / state

পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিৰে মৎস পালন কলিয়াবৰত - সৰ্বানন্দ সোণোৱাল

বিজ্ঞানৰ ন ন অভ্যুত্থানে মানৱ নতুন কামৰ প্ৰতি সদায়ে উৎসাহিত কৰি আহিছে ৷ নগাঁৱৰ কলিয়াবৰত পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিৰে মৎস পালনৰ ব্যৱস্থা গ্ৰহণ কৰিছে দুই যুৱকে ৷ যুৱকদ্বয়ে এই কামত একপ্ৰকাৰৰ নীল বিপ্লৱ হিচাপে আখ্যা দিছে ৷ বুধবাৰে মুখ‍্যমন্ত্ৰীয়ে উদ্বোধন কৰিব এই প্ৰকল্পটো ৷

Fishery Through Recirculation Aquaculture Systems kaliabar nagaon assam etv bharat news
অত্যাধুনিক পদ্ধতিৰে মীন পালন

By

Published : Jun 9, 2020, 3:29 PM IST

কলিয়াবৰ,9 জুন:কৃটিম পদ্ধতিৰে মৎস‍্য পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দুই যুৱকৰ ৷ যুৱকদ্বয়ৰ সেই সপোন বৰ্তমান পূৰণ হোৱাৰ পথত ৷ কলিয়াবৰৰ দুই শিক্ষিত যুৱক শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ‍্যায়ে শেহতীয়াকৈ অসম চৰকাৰৰ মীন বিভাগৰ নীল বিপ্লৱৰ পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিৰে মৎস পালন কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

অত্যাধুনিক পদ্ধতিৰে মীন পালন

Recirculation aquaculture systems চমুকৈ আৰএএচ আঁচনিৰ মাধ‍্যমেৰে প্ৰত‍্যক্ষ আৰ্থিক সাহায‍্য লাভ কৰিছে দুই যুৱকে ৷ যুৱকদ্বয়ে প্ৰায় দুবছৰ পূৰ্বে নিজাববীয়া প্ৰচেষ্টাত বৈজ্ঞানিক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত আৰম্ভ কৰিছিল মাছ পালন । পূৰ্বৰ দুটা পুখুৰীৰ সংখ‍্যা বঢ়াই আন ছটা পুখুৰী নিৰ্মাণৰ লগতে বৰ্ধিত আৰু উন্নত পানী নিষ্কাশন আৰু পৰিশোধন ব‍্যৱস্থাৰ সংযোগ ঘটাই পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস‍্য পালনৰ নতুন উদ‍্যোগ গ্ৰহণ কৰিছে দুই যুৱকে । এই উদ‍্যোগৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াইছে অসম চৰকাৰৰ মীন বিভাগে । ইতিমধ‍্যে ইয়াৰ বাবে চৰকাৰে 50,00,000 টকাৰ আৰ্থিক সাহায‍্য আগবঢ়াইছে য'ত থাকিব 20,00,00 লাখ টকাৰ ৰাজসাহাৰ্য ।

প্ৰায় 25 ফুট বহল আৰু 5 ফুট গভীৰতাত নিৰ্মিত কংক্ৰিটৰ টেংকীসদৃশ দুটা কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি থলুৱা মাছ উৎপাদনৰ কামত ব্ৰতী হৈছিল মীনপালক দুজন । শৈলেন্দ্ৰ গোস্বামীৰ নিজা ভূমিত স্থাপন কৰা এই কৃত্ৰিম পুখুৰীত পাম্পৰ দ্বাৰা যোগান ধৰা হৈছিল পানী। একুৱাৰিয়ামত সৌন্দৰ্যবৰ্ধক মাছ জীয়াই ৰাখিবলৈ যি বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হয়,সেই একে পদ্ধতি ব্যৱহাৰ কৰা হৈছে এই থলুৱা মাছ উৎপাদনৰ বাবে ৷ মুঠ আঠটা পুখুৰীত একে সময়ত 40 কুইণ্টল মাছ উৎপাদনৰ লক্ষ‍্যৰে নৱনিৰ্মিত প্ৰকল্পটোৱে স্থানীয় তথা উত্তৰ-পূৱৰ মৎস‍্য চাহিদা পূৰণত অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মৎস‍্য পালকদ্বয়ে । উল্লেখ্য যে, বুধবাৰে এই প্ৰকল্প উদ্বোধন কৰিব অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উক্ত কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ‍্য চৰকাৰৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ‍্য আৰু জলসম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ লগতে মীন বিভাগৰ বিষয়ববীয়া ৷

লগতে চাওকঃবাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details