নগাঁও,২৫ আগষ্ট :নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত পুনৰ এক ভয়ংকৰ ঘটনা । মাছমৰীয়া আৰু বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ (Clashes between fisherman and forest worker)। মাছমৰীয়াৰ আক্ৰমণত আহত হয় কেইবাজনো বনকৰ্মী । আনকি বনকৰ্মীৰ অস্ত্ৰ কাঢ়ি লোৱাৰো চেষ্টা কৰে মাছমৰীয়াৰ দলে ।
উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যত দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবৈধভাৱে মাছ ধৰি আহিছে । যাৰ বাবে অবৈধ মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত বনকৰ্মী আৰু মাছমৰীয়াৰ মাজত প্ৰায়ে সেই অঞ্চলত সংঘাত হোৱা দেখা যায় । কিন্তু এইবাৰ মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বিপদত পৰিল বনকৰ্মী ।
বুধবাৰে নিশা অভয়াৰণ্যখনৰ দন্দুৱা বন শিবিৰ এলেকাত তহল দি থকা অৱস্থাত বনকৰ্মীৰ এটা দল চোৰাংকৈ মাছ ধৰিবলৈ অহা কেইজনমান লোকৰ সন্মুখীন হয় । লগে লগে বনকৰ্মীৰ দলটোক আক্ৰমণৰ চেষ্টা চলায় মাছমৰীয়াৰ দলটোৱে (Fishermen attack forest staff)। মাছমৰীয়াৰ দলটোৰ আক্ৰমণত আহত হয় গিৰিধৰ শইকীয়া, জিয়াউৰ ৰহমান আৰু চন্দন ঘোষ নামৰ কৰ্তব্যৰত বনকৰ্মী । কেৱল এয়াই নহয় মাছমৰীয়াৰ দলটোয়ে বনকৰ্মীৰ অস্ত্ৰ কাঢ়ি লৈ যোৱাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।