চামগুৰি, 27 মে’ : নগাঁও জিলাৰ টুকটুকীৰ এজন যুৱকে উন্নত মানৰ কাৱৈ মাছৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে । চৰকাৰী কোনো প্ৰশিক্ষণ নোলোৱাকৈ কেৱল মোবাইলৰ ইউটিউবত চাই চাই টুকটুকীৰ হবিবুৰ ৰহমান নামৰ যুৱকজনে এই কাম কৰিবলৈ সক্ষম হৈছে বুলি কয় ।
বটদ্ৰৱাৰ টুকটুকীত ভিয়েটনামী কাৱৈ মাছৰ পোনা উৎপাদন যুৱকৰ - ইউটিউব
বটদ্ৰৱাৰ টুকটুকীত হবিবুৰ ৰহমান নামৰ এজন যুৱকে উন্নতমানৰ ভিয়েটনামী কাৱৈ মাছৰ পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷
![বটদ্ৰৱাৰ টুকটুকীত ভিয়েটনামী কাৱৈ মাছৰ পোনা উৎপাদন যুৱকৰ Fisherman produce High quality Vietnamese fish](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11913056-768-11913056-1622086345669.jpg)
নগাঁও জিলাৰ টুকটুকীত ভিয়েটনামী কাৱৈ মাছৰ পোনা উৎপাদন
নগাঁও জিলাৰ টুকটুকীত ভিয়েটনামী কাৱৈ মাছৰ পোনা উৎপাদন
উল্লেখ্য যে, যি সময়ত মীন পালক সকলে উন্নতমানৰ ভিয়েটনামী কাৱৈ মাছৰ পোনা বিচাৰি বহিঃৰাজ্যলৈ যাব লগা হয় ঠিক সেই সময়তে যুৱকজনৰ এই কাৰ্য সঁচাকৈ প্ৰশংসনীয় বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক : গ্ৰাম্যাঞ্চলৰ বাবে ক’ভিডৰ নতুন নিৰ্দেশনা