নগাঁও,12 অক্টোবৰ: লাওখোৱা অভয়াৰণ্যত সন্ধানহীন চোৰাং মাছমৰীয়া ৷ অভিযোগ অনুসৰি, নিশা সহযোগীৰ সৈতে অভয়াৰণ্য খনৰ সংৰক্ষিত নলকাটা বিললৈ মৎস্য চিকাৰৰ বাবে গৈছিল নাজিৰুল হক নামৰ মাছমৰীয়াজন ৷ চোৰাং মাছমৰীয়া দলটোৰ আগমণৰ বতৰা পাই অভিযান আৰম্ভ কৰে বনৰক্ষীৰ এটা দলে ৷
লাওখোৱা অভয়াৰণ্যৰ বিলত সন্ধানহীন চোৰাং মাছমৰীয়া - লাওখোৱা অভয়াৰণ্য
সন্ধানহীন অৱস্থাত আছে নিশা সহযোগীৰ সৈতে লাওখোৱা অভয়াৰণ্যৰ নলকাটা বিললৈ মৎস্য চিকাৰৰ বাবে চোৰাং মাছমৰীয়া দল এটাৰ এজন মাছমৰীয়া ৷ সন্ধানহীন মাছমৰীয়াজন চিতলমাৰী পথাৰনিবাসী নাজিৰুল হক বুলি জানিব পৰা গৈছে ৷
![লাওখোৱা অভয়াৰণ্যৰ বিলত সন্ধানহীন চোৰাং মাছমৰীয়া সন্ধানহীন চোৰাং মাছমৰীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9148666-thumbnail-3x2-kk.jpg)
চোৰাং মাছমৰীয়াৰ দলটোক চত্ৰভংগ দিয়াৰ উদ্দেশ্যে বনৰক্ষীৰ দলটোৱে শূন্যলৈ বুলি নিক্ষেপ কৰিছিল কেইবাজাই গুলী ৷ বনৰক্ষীৰ অভিযানত দলটোৰ অন্যান্য মাছমৰীয়া পলাই সাৰে যদিও,নাজিৰুল হক নামৰ মাছমৰীয়াজনে অভিযানকাৰী দলটোৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাৰ সময়তে পানীত পৰি সন্ধানহীন হয় ৷ বৰ্তমানেও সন্ধানহীন অৱস্থাত আছে নাজিৰুল হক ৷ লোকজনক উদ্ধৰৰ বাবে অব্যাহত আছে উদ্ধাৰকাৰী দলৰ অভিযান ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সন্ধানহীন নাজিৰুল হকৰ পৰিয়ালে গড়াজান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে,চিতলমাৰী পথাৰনিবাসী সন্ধানহীন লোকজন বনকৰ্মীৰ গুলীত নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷
লগতে পঢ়ক:ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : 25 জনক দোষী সাব্যস্ত