অসম

assam

By

Published : Jan 14, 2023, 11:06 AM IST

ETV Bharat / state

Magh Bihu 2023: নগাঁৱত মীন বিভাগৰ উদ্যোগত বিহু উপলক্ষ্যে সুলভ মূল্যত মাছৰ বজাৰ

নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যত মাছৰ বজাৰ। সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতা ওপৰা বজাৰত (Fish sales at affordable prices by fishery department)। ৰৌ ,ভকুৱা, চিতল, আৰি আদি মাছ উপলব্ধ হৈছে মীন বিভাগৰ উদ্যোগত ব্যৱস্থা কৰা বজাৰত ।

Fish market at the initiative of fisheries department in the occasiion of Magh Bihu in Nagaon
সুলভ মূল্যত মাছৰ বজাৰ

সুলভ মূল্যত মাছৰ বজাৰ

নগাঁও, 14 জানুৱাৰী: (Assam Uruka festival) । ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ উদ্দীপনা । প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত । উৰুকাত নিশা পৰিয়ালৰ সৈতে সকলোৱে লগে ভাগে এসাঁজ খাবলৈ পুৱাই বিভিন্ন মাছৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে । নগাঁৱৰ বিভিন্ন বজাৰতো পুৱাৰ পৰাই গ্ৰাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে (Happy Magh Bihu 2023) ।

উৰুকা উপলক্ষে নগাঁও মীন বিভাগে ব্যৱস্থা কৰিছে সুলভ মূল্যত মাছ বিক্ৰীৰ (Fish sales at affordable prices by fishery department) । নগাঁৱৰ মীন বিভাগৰ কাৰ্যালয় চৌহদত ব্যৱস্থা কৰা মাছৰ বজাৰতো পুৱাৰ পৰা সুলভ মূল্যত মাছ ক্ৰয় কৰিবলৈ হেতা ওপৰা লগাইছে গ্ৰাহকে । ৰৌ, বৰালি, চিতল, আৰি আদি বিভিন্ন মাছ উপলব্ধ হৈছে মীন বিভাগৰ মাছৰ বজাৰত (Nagaon Fisheries Department)।

মাছ বিক্ৰীৰ বাবে মীন বিভাগে নিৰ্ধাৰণ কৰি দিছে মূল্য (Magh Bihu celebrates in Nagaon)। মীন বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুযায়ীয়েই মীন পালকসকলে বিক্ৰী কৰিছে মাছ । মীন বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুসৰি ৰৌ, ঢেকেৰা বা বাহু, মিৰিকা মালী ১ কেজিৰ তলত ১৬০ টকা, ১ কেজিৰ পৰা ২ কেজিৰ তলত ২৫০ টকা, ২ কেজিৰ পৰা ২.৫ কেজিৰ তলত ৩০০ টকা, ২.৫ কেজিৰ পৰা ৩ কেজিৰ তলত ৩৫০ টকা, ৩ কেজিৰ ওপৰত ৪০০ টকা ।

আনহাতে গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প ইত্যাদি ১ কেজিৰ তলত ১৩০ টকা, ১ কেজিৰ পৰা ২ কেজিৰ তলত ১৫০ টকা, ২ কেজিৰ পৰা ২.৫ কেজিৰ তলত ২২০ টকা, ২.৫ কেজিৰ পৰা ৩ কেজিৰ তলত ২৫০ টকা, ৩ কেজিৰ ওপৰত ৩০০ টকা ।

একেদৰে আৰি, বৰালি, চিতল প্ৰতি কিলোগ্ৰামত ১ কেজিৰ তলত ২২০ টকা, ১ কেজিৰ পৰা ১.৫ কেজিৰ তলত ২৭০ টকা, ১.৫ কেজিৰ পৰা ২.৫ কেজিৰ তলত ৪২০ টকা, ২.৫ কেজিৰ পৰা ৩ কেজিৰ তলত ৫২০ টকা, ৩ কেজিৰ ওপৰত ৪ কেজিৰ তলত ৬২০ টকা, ৪ কেজিৰ ওপৰত ৫ কেজিৰ তলত ৭২০ টকা, আৰু ৫ কেজিৰ ওপৰত ৭৫০ টকা। তাৰ ওপৰিও শ'ল, শাল ইত্যাদি ১ কেজিৰ তলত ৩০০ টকা আৰু ১ কেজিৰ ওপৰত ৪০০ টকাত ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে নগাঁও মীন বিভাগে ।

মুঠৰ ওপৰত সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে ৰাজ্যবাসীৰ মাজত (Assamese people celebrates Magh Bihu) । কাৰণ এয়া ভোগৰ উৎসৱ ভোগালী (Magh Bihu 2023) ।

লগতে পঢ়ক:Uruka of Bhogali Bihu : তৰাজান মাছ বজাৰত উপলব্ধ ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ

ABOUT THE AUTHOR

...view details