নগাঁও,২৭ জুনঃ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত। বৃহৎ পৰিমাণৰ মাছৰ মৃত্যু চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ হঠাতে আহিছে অশনি সংকেট। বিভিন্ন প্ৰজাতিৰ মাছ আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত চামগুৰি বিল। চামগুৰি বিলৰ ৰৌ ভকুৱা বৰালি আৰু কৰতি মাছৰ আছে যথেষ্ঠ চাহিদা । কিন্তু হঠাত বিলখনলৈ নামি আহিছে বিপৰ্যয়। তিনিটা দিন ধৰি যথেষ্ট সংখ্যক মাছৰ মৃত্যুয়ে উদ্বিগ্ন কৰি তুলিছে অঞ্চলবাসীক।
চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ অশনি সংকেত... - ETV BHARAT
বৃহৎ পৰিমাণৰ মাছৰ মৃত্যুৱে অশনি সংকেত নমাই আনিছে চামগুৰিৰ পক্ষী তীৰ্থ বিললৈ ।
বিষাক্ত হৈ পৰিছে চামগুৰি বিলৰ পানী। চাহ বাগানত ব্যৱহাৰ কৰা বিষাক্ত ঔষধ মিশ্ৰিত হৈছে বিলখনৰ পানীৰ সৈতে। যাৰ বাবে বিলখনৰ পানী বিষাক্ত হৈ পৰিছে বুলি সন্দেহ স্থানীয় ৰাইজৰ। বিলখনৰ পানী বিষাক্ত হৈ পৰাৰ লগতে অভাৱ ঘটিছে আক্সিজেনৰ। যাৰ বাবে মৃত্যু মুখত পৰিছে ভিন্ন প্ৰজাতিৰ মাছ। আনহাতে বিলখন পৰিস্কাৰ কৰিবৰ বাবে প্ৰত্যেক বছৰে চৰকাৰে লাখ লাখ টকাৰ অনুদান দিয়ে যদিও একাংশ ৰাজনৈতিক নেতাই সেই ধন আত্মসাত কৰাৰ ফলত বিলখন ভৰি পৰিছে আৱৰ্জনাৰে। ৰাইজৰ চৰকাৰলৈ আহ্বান শীঘ্ৰেই বিল খন পৰিস্কাৰ কৰি জলজ প্ৰাণীসমূহক ৰাক্ষা কৰক ।