অসম

assam

ETV Bharat / state

সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতেই নগাঁৱত প্ৰথমখন খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত প্ৰথম খচৰা ভোটাৰ তালিকা প্ৰকাশ । নগাঁও জিলাৰ ৬ বিধানসভা সমষ্টিৰ খচৰা প্ৰকাশ । এই সন্দৰ্ভত নগাঁৱত নিৰ্বাচনী বিষয়াৰ সংবাদমেল ।

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:51 AM IST

Draft voter list released for Nagaon
প্ৰথমখন খচৰা ভোটাৰ তালিকা প্ৰকাশ

প্ৰথমখন খচৰা ভোটাৰ তালিকা প্ৰকাশ

নগাঁও, ৯ ডিচেম্বৰ :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ছটা বিধান সভা সমষ্টিৰে গঠিত নগাঁও নিৰ্বাচনী জিলাৰ বাবে ২০২৩ বৰ্ষৰ খচৰা ভোটাৰ তালিকা শুক্ৰবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে । উল্লেখনীয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত এইখনেই হৈছে প্ৰথমখন খচৰা ভোটাৰ তালিকা । শুক্ৰবাৰে নগাঁও আৱৰ্ত ভৱন সভা কক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলাখনৰ নিৰ্বাচনৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত লক্ষ্যজ্যোতি দাসে কেতবোৰ মন্তব্য আগবঢ়ায় ৷

তেওঁ জনোৱা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সমষ্টিৰ ক্ৰমিক নম্বৰসমূহ সাল-সলনি হয় । নতুন ক্ৰমিক নম্বৰ অনুসৰি ৫৫ নং ধিং সমষ্টি, ৫৬ নং ৰূপহীহাট সমষ্টি, ৫৮ নং চামগুৰি সমষ্টি, ৫৯ নং বঢ়মপুৰ সমষ্টি, ৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টি আৰু ৬১ নং ৰহা সমষ্টি হিচাপে নামাকৰণ কৰা হয় । এই ছটা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১৩,০০৮৩৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৬,৫৪,৩৮১ আৰু মহিলা ভোটাৰ ৬,৪৬,৩৮৪ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৭৪ জন ।

প্ৰকাশিত খচৰা তালিকা অনুসৰি, ৫৫ নং ধিং সমষ্টিত মুঠ ভোটাৰ ২,১৭,৪৩২ গৰাকী, ৫৬ নং ৰূপহীহাট সমষ্টিত ২,১২,২০৬ গৰাকী , ৫৮ নং চামগুৰি সমষ্টিত ২,০৯,৫৮১ গৰাকী, ৫৯ নং বঢ়মপুৰ সমষ্টিত ২,২৭,৮৮৭ গৰাকী , ৬০ নং নগাঁও-বটদ্ৰৱা সমষ্টিত ১,৯৭,৭১১ গৰাকী আৰু ৬১ নং ৰহা সমষ্টিত ২,৩৬,০২২ গৰাকী ।

জিলাখনৰ ছটা বিধান সভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ১,৪২৬ টা । ইয়াৰে ধিঙত ২৩২টা, ৰূপহীহাটত ২১৭টা, চামগুৰিত ২১৩টা, বঢ়মপুৰত ২৫৪টা, নগাঁও-বটদ্ৰৱাত ২৩৫ টা আৰু ৰহাত ২৭৫টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

আনহাতে, ভোটাৰ ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰ্ধাৰণৰ বাবে অন্তিম তাৰিখ অহা ৮ জানুৱাৰী ধাৰ্য কৰা হয় । ভোটাৰ ৰাইজে ভোটাৰ হেল্পলাইন এপ, স্থানীয় বি এল অ', চি এচ চি আৰু অন লাইনৰ জৰিয়তে নতুন নাম অন্তভুক্তি, কৰ্তন, নাম সংশোধনীকে ধৰি ভোটাৰ সম্পৰ্কীয় সকলো কাম-কাজসমূহ কৰিবলৈ সক্ষম হ'ব ৷

লগতে খচৰা ভোটাৰ তালিকাত নিজৰ নামসমূহ প্ৰত্যক্ষ কৰিবলৈ স্থানীয় বি এল অ', ৰাজহ চক্ৰৰ কাৰ্যালয়, জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, জিলা নিৰ্বাচনী আয়োগৰ ৱেবচাইটৰ সহায় ল’ব পাৰিব বুলি সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মৌচম প্ৰীতম নাথে জানিবলৈ দিয়ে ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত নগাঁও মহকুমাৰ ২৫৬৪৩ জন ভোটাৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে জিলাখনৰ নিৰ্বাচনৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়া দুগৰাকীয়ে ৷

লগতে পঢ়ক :অসমৰ 126 টা বিধানসভা সমষ্টিৰ প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details