অসম

assam

ETV Bharat / state

মৃত্যু দিৱসতে উপেক্ষিত হৈ ৰ'ল ভাৰতৰত্ন গোপীনাথ বৰদলৈ

প্ৰাক্ স্বাধীনতাৰ আগছোৱাত নিৰ্ভীক নেতৃত্ব প্ৰদান কৰি অসমক ৰক্ষা কৰা বিচক্ষণ নেতৃত্বধাৰী, নিৰ্ভীক, দূৰদৰ্শী আৰু নিঃস্বাৰ্থ গুণৰ অধিকাৰী নেতা তথা অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) গোপীনাথ বৰদলৈ ৷ বুধবাৰে 70 সংখ্যক মৃত্যু তিথিৰ দিনটোত ৰহাত উপেক্ষিত হৈ ৰ'ল মহীৰূহ গৰাকী ৷ এগচি বন্তিও নজ্বলিল তেওঁৰ প্ৰতিমূৰ্তিৰ আগত ৷

গোপীনাথ বৰদলৈ
মৃত্যু দিৱসত অৱহেলা ভাৰত ৰত্নক

By

Published : Aug 5, 2020, 9:21 PM IST

ৰহা, 5 আগষ্ট: ৭০ সংখ্যক মৃত্যু তিথিত ৰহাত অৱহেলিত হৈ ৰ'ল অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) গোপীনাথ বৰদলৈ ৷ ভাৰতৰত্ন, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত বুধবাৰে ৰজাঘৰীয়াটো বাদেই, স্বয়ং স্থানীয় প্ৰশাসনেও সোঁৱৰণ কৰিবলৈ পাহৰিলে স্বনামধন্য ব্যক্তি গৰাকীক ৷ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত মহান ব্যক্তিসকলৰ মাজৰে অন্যতম ৷ ১৮৯০ চনৰ ৬ জুনত অবিভক্ত নগাঁও জিলাৰ ৰহা ৰাজ্যিক চিকিৎসালয়ৰ চৰকাৰী আৱাসত জন্ম হৈছিল মহীৰূহ গৰাকীৰ ৷ তেওঁৰ পিতৃ ডাঃ বুদ্ধিশ্বৰ বৰদলৈ এগৰাকী চৰকাৰী চিকিৎসক হিচাপে কৰ্মৰত আছিল চিকিৎসালয় খনত | মহীৰূহ গৰাকীৰ মৃত্যুৰ পাচতে তদানীন্তন ৰাজ্য চৰকাৰে আৱাসগৃহটো সংৰক্ষণ কৰিছিল আৰু ১৯৯৮ চনত তদানীন্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল এচ.কে সিনহাই "লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংগ্ৰহালয়" হিচাপে মুকলি কৰিছিল আৱাসগৃহটো ৷ খেলাৰ লগতে তেওঁ পাৰ্গত আছিল একাধাৰে চিত্ৰ অংকণ, বৰগীত, ৰবীন্দ্ৰ সংগীত আদি পৰিৱেশনত ৷ বৰদলৈয়ে পিতৃৰ চাকৰিসূত্ৰে ৰহাৰ লগতে অসমৰ বহু ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি গুৱাহাটী কটন কলেজিয়েট, কলিকতাৰ স্ক'টিচ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ সু-খ্যাতিৰে আইন আৰু আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটীৰ আদালতত ওকালতি আৰম্ভ কৰে ৷

70 তম মৃত্যু দিৱসতে ৰাহত উপেক্ষিত হৈ ৰ'ল গোপীনাথ বৰদলৈ

১৯২৬ চনত পাণ্ডুৰ কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহি গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনত নামি বহুবাৰ কাৰাবাস খাটিব লগীয়া হৈছিল গোপীনাথ বৰদলৈয়ে ৷ কাৰাবাসৰ সময়ছোৱাত ডেকাশক্তিক উদ্বুদ্ধ কৰাৰ বাবে বৰদলৈয়ে ৰচনা কৰিছিল শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, মহাত্মা গান্ধী আদি বহু গ্ৰন্থ ৷ ১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহতে বৰদলৈৰ নেতৃত্বত কংগ্ৰেছে নিজস্বভাৱে অসমত গঠন কৰে কংগ্ৰেছী মন্ত্ৰীসভা ৷ দ্বিতীয় বিশ্বযুদ্ধৰ অৱসানৰ পাচত ভাৰতৰ সমস্যা সমাধানৰ বাবে বৃটিছ চৰকাৰে ১৯৪৬ চনৰ ১৬ মে'ত যি কেবিনেট মিচনৰ প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া বৰদলৈয়ে শক্তিশালী প্ৰতিবেদন প্ৰদান কৰি কেবিনেটৰ মিছনৰ গ্ৰুপিং আঁচনি ব্যৰ্থ কৰিছিল ৷

পাচলৈ মহাত্মা গান্ধীৰ নৈতিক সমৰ্থনেৰে ভাৰতীয় কংগ্ৰেছৰ উৰ্ধতন মহলৰ বিৰুদ্ধে গৈ কেবিনেট আঁচনিকো ঠেকেচা খুৱাইছিল তেওঁ ৷ ভাৰতৰ মুক্তি আন্দোলনৰ সংকট কালছোৱাত আৰু প্ৰাক্ স্বাধীনতাৰ আগছোৱাত নিৰ্ভীক নেতৃত্ব দি তেওঁ অসমক ৰক্ষা কৰিছিল ৷ এজন বিচক্ষণ নেতৃত্বধাৰী, নিৰ্ভীক, দূৰদৰ্শী আৰু নিঃস্বাৰ্থ গুণৰ অধিকাৰী আছিল তেওঁ ৷ অসমৰ সকলো জনগোষ্ঠীৰ মাজত গঢ়িছিল সু-সম্পৰ্কৰ সেঁতু ৷ ১৯৫০ চনৰ ৫ আগষ্টত মহান ব্যক্তিগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ মহান ব্যক্তিজনক অমৰ কৰি ৰখাৰ চেষ্টাৰে ১৯৯৮ চনত স্থাপন কৰা হৈছিল ৰহা ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়টো ৷ য'ত আছে তেওঁৰ হাতেলিখা বহু পত্ৰ, চোলাকে ধৰি তেওঁ ব্যৱহাৰ কৰা বহু সামগ্ৰী ৷

জহি খহি যাবলৈ ধৰা সংগ্ৰহালয়টো 2017 চনৰ বিজেপি চৰকাৰে কিছু পৰিমাণে মেৰামতি কৰে যদিও আজিৰ এই দিনটোতে উপেক্ষিত হৈ ৰ'ল তেওঁ ৷ ভাৰতৰত্ন গৰাকীৰ প্ৰতিমূৰ্তিত এগচি বন্তি জ্বলাই শ্ৰদ্ধা জনাবলৈ সময় নহ'ল কোনো এগৰাকীও লোকৰ ৷ অভিযোগ অনুসৰি বিভাগীয়ভাৱে সংগ্ৰহালয়টো চোৱাচিতাৰ বাবে দুজনকৈ চৰকাৰী কৰ্মচাৰী নিযুক্তি দিয়া হৈছে যদিও এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে চলাই আছে সংগ্ৰহালয়টো ৷

লগতে পঢ়ক:UPSC ৰ অসম কেডাৰত কাম কৰাৰ ইচ্ছা আৰণ্যক শইকীয়াৰ

ABOUT THE AUTHOR

...view details