অসম

assam

ETV Bharat / state

অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ বঢ়মপুৰৰ তিনি ছাত্ৰৰ - Shrimata Shankar Mission blind school

নগাঁৱৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰই সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । শেহতীয়াকৈ গঠিত হোৱা অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰিছে বিদ্যালয়খনৰ আকাশ টেৰং, ভাস্কৰ শৰ্মা আৰু দীপক দাস নামৰ ছাত্ৰ তিনিগৰাকীয়ে ।

First Blind Cricket team in Assam
অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ বঢ়মপুৰৰ তিনি ছাত্ৰৰ

By

Published : Oct 12, 2021, 7:25 PM IST

চামগুৰি, ১২ অক্টোবৰ: অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান সুনিশ্চিত কৰিলে নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰই । আকাশ টেৰং, ভাস্কৰ শৰ্মা আৰু দীপক দাস নামৰ ছাত্ৰ তিনিগৰাকীক বাছনি কৰা হৈছে অসম দলৰ বাবে । মূল দলৰ খেলুৱৈ হিচাপে আকাশ টেৰঙক নিৰ্বাচিত কৰা হৈছে আৰু ভাস্কৰ শৰ্মা আৰু দীপক দাসক অতিৰিক্ত খেলুৱৈ হিচাপে বাছনি কৰা হৈছে । উল্লেখ্য যে, গুৱাহাটীৰ নুনমাটি খেল পথাৰত অনুষ্ঠিত হোৱা এক প্ৰশিক্ষণ শিবিৰত অংশ লৈছিল ছাত্ৰকেইজনে ।

অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ বঢ়মপুৰৰ তিনি ছাত্ৰৰ

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ-অধিনায়ক আৰু পশ্চিমবংগ দৃষ্টিহীন ক্ৰিকেট দলৰ অধিনায়কে ছাত্ৰসকলক প্ৰশিক্ষণ দিয়ে । এই প্ৰশিক্ষণ শিবিৰতে পোন প্ৰথমবাৰৰ বাবে অসমত দৃষ্টিহীন ক্রিকেট দল গঠন কৰা হয় । নতুনকৈ গঠন হোৱা ১৪ জনীয়া দলটোৱে ২৫ অক্টোবৰত চণ্ডীগড়ত অনুষ্ঠিত হ'বলগীয়া এখন বিশেষ কোৱালিফায়িং টুৰ্ণামেণ্টত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব । দলটোৰ মূল একাদশত আকাশ টেৰঙে স্থান লাভ কৰিছে ।

তিনিওগৰাকী ছাত্ৰক লৈ বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

কিন্তু ধনৰ অভাৱত তেওঁলোকে যাৱতীয় প্ৰস্তুতি চলোৱা আৰু প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰাত অসুবিধাত পৰিছে । সেয়েহে, বিদ্যালয়ৰ শিক্ষক মণ্ডলীয়ে এই ক্ষেত্ৰত চৰকাৰ তথা অসম ক্ৰিকেট এছ'ছিয়েনৰ পৰা সহায়-সহযোগিতা কামনা কৰি সংবাদ মাধ্যমৰ জৰিয়তে দুয়োপক্ষক আহ্বান জনায় । বিদ্যালয়খনৰ ছাত্ৰকেইজনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:উপ নিৰ্বাচন : বাক্সাত মুকলি প্ৰচাৰ বাহন

ABOUT THE AUTHOR

...view details