নগাঁও, 16 জুলাই :নগাঁৱত ধাৰাবাহিকভাবে সংঘটিত হৈছে গুলিচালনাৰ ঘটনা (Firing Incident) ৷ বিশেষকৈ বিগত কেইবাদিনত ড্ৰাগছ সৰবৰাহকাৰী (Drug Mafia)ৰে আৰক্ষীৰ ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ থকা সময়তে শুকুৰবাৰে পুৱা পুনৰ জিলাখনত সংঘটিত হয় গুলিচালনাৰ (Firing Incident) ঘটনা ৷ পিছে এইবাৰ ড্ৰাগছ মাফিয়াৰে আৰক্ষীৰ গুলিচালনা (Firing Incident)ৰ ঘটনা নহয়, এইবাৰ গুলিচালনা (Firing Incident)ৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ পানীখাইটিৰ ভাৰতীয় ষ্টেট বেংকৰ শাখা (SBI)ত ।
নগাঁৱৰ পানীখাইটিৰ ভাৰতীয় ষ্টেট বেংকৰ শাখা (SBI)ত শুকুৰবাৰে পুৱা এজন কৰ্মচাৰী (Bank Employee)ক গুলিয়াই (Firing Incident) দুৰ্বৃত্তৰ দলে লুটি নিয়ে ধন । হাফিজুল শ্বেখ নামৰ কৰ্মচাৰীজনে পুৱা ধনখিনি লগত লৈ মেনেজাৰৰ গাড়ীত বেংকলৈ আহি থকা সময়তে সংঘটিত হয় এই ঘটনা ৷ পাঁচজনীয় দুৰ্বৃত্তৰ দলটোৱে কৰ্মচাৰীজনলৈ লক্ষ্য কৰি তিনি জাঁই গুলিচালনা কৰে ৷