নগাঁও, ৯ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ তিনিটাদিন বাকী । পোহৰৰ এই উৎসৱটিক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ৰাজ্যবাসীৰ ৷ বজাৰসমূহত ভিৰ বাহিছে গ্ৰাহকৰ ৷ তৎপৰ ব্যৱসায়ীসকল ৷ নগাঁৱৰ ফটকা বজাৰতো বৃদ্ধি হৈছে খুচুৰা বিক্রেতা আৰু গ্ৰাহকৰ ভিৰ । ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ ব্যৱসায়ীয়ে ৷ বৃহৎ কৰ ফাঁকিৰে বিক্ৰী কৰিছে কোটি কোটি টকাৰ ফটকা-আতচবাজি । বিশেষকৈ নগাঁৱৰ ফটকাৰ একাংশ পাইকাৰী ব্যৱসায়ীয়ে কৰফাঁকিৰে গঢ়িছে কোটি কোটি টকা ।
নগাঁৱৰ অনুজ্ঞাপত্ৰ থকা ফটকাৰ বিপনীয়ে জিএছটি ফাঁকি দি কাগজৰ ৰচিদত বিক্ৰী কৰিছে সামগ্ৰী । কিন্তু কাণষাৰ নাই কৰ বিভাগৰ ৷ নগাঁৱৰ ফটকাৰ পাইকাৰী ব্যৱসায়ী শংকৰ পালে উকা কাগজতে বিল বনাই ফটকা বিক্ৰী কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত । জি এছ টি বিলৰ বিপৰীতে উকা কাগজতে বিল বনাই ফটকা বিক্ৰী কৰি থকাৰ দৃশ্য কেমৰাত বন্দী হোৱাৰ পিচতো সাংবাদিককো ফাঁকি দিয়াৰ অপচেষ্টা নগাঁৱৰ হয়বৰগাঁৱৰ পাইকাৰী ব্যৱসায়ীগৰাকীৰ । আনকি উকা কাগজত বিল বনাই ফটকা বিক্ৰী কৰাৰ দৃশ্য বন্দী কৰা সাংবাদিকৰ ওপৰতে যেন খৰ্গহস্ত হৈ পৰে এইগৰাকী ব্যৱসায়ী ।