চামগুৰি,7 ডিচেম্বৰঃদেওবাৰে নিশা নগাঁৱৰ চাংমগুৰিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ চামগুৰিৰ দৈনিক বজাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ভস্মীভূত হয় দুখনকৈ দোকান ৷ তদুপৰি জাহ যায় দুখন বাইক, কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিসহ আচবাব ৷
চামগুৰিত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি
নগাঁৱৰ চাংমগুৰিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত জাহ যায় দুখন বাইক,কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিসহ আচবাব ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ ৷
নগাঁৱৰ চামগুৰিত বিধ্বংসী অগ্নিকাণ্ডঃজাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি
ইপিনে,স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে বহু সময়ৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ৷ আনহাতে,স্থানীয় লোকসকলে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে, দেওবাৰে বিয়লিও পুৰণিগুদামৰ সুঁতাৰ মুছলমান গাঁৱত সংঘটিত হৈছিল আন এক অগ্নিকাণ্ডৰ ঘটনা ৷
লগতে পঢ়কঃধেমাজিত অসম জাতীয় পৰিষদে ইতিহাস ৰচিব : চিত্তৰঞ্জন বসুমতাৰী