ধিং, 4 জুলাই :এখন বিয়া ৷ ৰভাতলিত উদুলি-মুদুলি পৰিৱেশ ৷ বিয়াৰ ভোজ-ভাতৰ পৰ্বৰ পাচত দৰা সাজি-কাচি ওলাই গৈছে কইনা আনিবলৈ ৷ কাৰো গাত তৎ নাই ৷ তেনেতে ঘটিল এক অঘটন ৷ হঠাৎ জ্বলি উঠিল বিয়াৰ ৰভাতলি (Fire breaks out in wedding hall) ৷ বিয়াঘৰত ছিগি পৰিল 33 KV বিদ্যুৎ পৰিবাহী তাঁৰ ৷ মূহুৰ্ততে লাগিল হুৱাদুৱা । বিদ্যুতৰ সংস্পৰ্শত জ্বলি উঠিল বিয়া ঘৰৰ বিভিন্ন আচবাব । এই ঘটনা সংঘটিত হৈছে ধিঙৰ নেপালী গাঁৱৰ সমীপৰ এটা গলিত ।
উল্লেখ্য যে, প্ৰতিমা দাস নামৰ মহিলা গৰাকীৰ পুত্ৰৰ বিয়া আছিল দেওবাৰে ৷ কন্যাৰ ঘৰলৈ দৰা যোৱাৰ পাচত বিয়া ঘৰত কিছুসংখ্যক লোক উপস্থিত আছিল । ঠিক তেনে সময়তেই সংঘটিত হয় এই ঘটনা (Electric short circuit in Dhing)৷ এই ঘটনা সন্দৰ্ভত ধিং বিদ্যুৎ উপ সংমণ্ডলক অৱগত কৰাৰ পাচতো সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।