নগাঁও, 7 ফেব্ৰুৱাৰীঃ নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ চৰকাৰী আবাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । নগাঁও আৰক্ষী চাউনীৰ সমীপতে আৰক্ষী কনিষ্টবল নজৰুল ইছলামে পৰিয়ালসহ বাস কৰা আৰক্ষীৰ চৰকাৰী আবাসগৃহত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই । বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুৰ্বৃত্তই নজৰুল ইছলামৰ পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰাৰ উদ্দেশ্যে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী কনিষ্টবল গৰাকীয়ে । বাংলাদেশী এটা পৰিয়ালে এই ঘটনা সংঘটিত কৰা বুলিও অভিযোগ কনিষ্টবল গৰাকীৰ৷
নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড - নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড
নগাঁৱৰ আৰক্ষী কনিষ্টবলৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড । দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ আৰক্ষী কনিষ্টবলৰ ।
নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই আৰক্ষী কনিষ্টবল নজৰুল ইছলাম আৰু এটা পৰিয়ালৰ মাজত চলি আছিল ভূমি বিবাদ । তাৰ পৰিণতিতে ঘৰত অগ্নি সংযোগ কৰে বুলি মন্তব্য কৰে নজৰুল ইছলামে ৷ অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।