অসম

assam

ETV Bharat / state

FIR Against Bhupen Bora : বহুৱা আখ্যা দি ভূপেন বৰাৰ বিৰুদ্ধে হাতত এজাহাৰ লৈ কলিয়াবৰত সত্যৰঞ্জন - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ভূপেন বৰাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী থানাত এজাহাৰ দাখিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ ভূপেন বৰাই জাতিদ্ৰোহৰ কাম কৰিছে, ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে, অসাংবিধানিক কাম কৰিছে বুলি মন্তব্য সত্যৰঞ্জন বৰাৰ ৷

FIR Against Bhupen Bora at Kaliabor
ভূপেন বৰাক কঠোৰ সকীয়নি সত্যৰঞ্জন বৰাৰ

By

Published : Jul 28, 2023, 1:45 PM IST

Updated : Jul 28, 2023, 2:57 PM IST

ভূপেন বৰাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী থানাত এজাহাৰ

কলিয়াবৰ, 28 জুলাই : "ভূপেন বৰাৰ যে কাণ্ডজ্ঞান নাই সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে ৷ তেওঁ যে এজন মূৰ্খ, তেওঁ যে এজন বহুৱা, তেওঁ যে অসমীয়া জাতীয় জীৱনৰ প্ৰতি, অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি নিম্নতমো যে মান্যতা নাই, সন্মান নাই তাক তেওঁ বাৰে বাৰে প্ৰমাণ কৰিলে ৷" এই মন্তব্য হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷

লাভ জিহাদ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰতৰ প্ৰসংগ টানি কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই কলিয়াবৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ ৷ এজাহাৰ দাখিল কৰি সংবাদমাধ্যমৰ আগত ভূপেন বৰা সন্দৰ্ভত এইদৰে মন্তব্য কৰে হিন্দুত্ববাদী নেতাজনে ৷

নেতাজনে কয় যে, ক্ষমা খুজিলেই সকলোবোৰ সমাধান হৈ নাযায় ৷ তেওঁক কোনে ক্ষমা কৰিব বুলি প্ৰশ্ন কৰে সত্যৰঞ্জন বৰাই ৷ চকীত বহি কেমেৰাৰ সন্মুখত ঘোষাৰে ক্ষমা খোজাক লৈয়ো মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷

ভূপেন বৰাই জাতিদ্ৰোহৰ কাম কৰিছে, ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে, অসাংবিধানিক কাম কৰিছে বুলি মন্তব্য কৰে নেতাজনে ৷ ভূপেন বৰাই সাংবিধানিক মান্যতা ৰক্ষা কৰিব পৰা নাই বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাই কয় যে, ভাৰতীয় সংবিধানৰ ৫১ নম্বৰ অনুচ্ছেদ অমান‍্য কৰিছে ভূপেন বৰাই ৷ সেইবাবে ভূপেন বৰাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় তেওঁ ৷

ভাৰতীয় সনাতন-সভ্যতা-সংস্কৃতিক ভূপেন বৰাই আঘাত কৰিছে; বাৰে বাৰে ভুল কৰি ক্ষমা খুজিয়েই সাৰি যাবলৈ এৰি দিয়াটো উচিত নহয় বুলি কয় সত্যৰঞ্জন বৰাই ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, ভূপেন বৰাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী থানাৰ উপৰিও কুটুম্ব সুৰক্ষা সমিতিয়ে লখিমপুৰ, শিৱসাগৰ, পল্টন বজাৰ, বকো থানাত এজাহাৰ দাখিল কৰিছে ৷

ভূপেন বৰাক কটাক্ষ কৰি সত্যৰঞ্জন বৰাই পুনৰ কয় যে, এনেবোৰ নেতাই আকৌ নতুন অসম গঢ়াৰ সপোন দেখিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ঠায়ে ঠায়ে এজাহাৰ দাখিল কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, ভূপেন বৰাৰ দৰে অসামাজিক প্ৰাণীবোৰক যিসকলে লাভ জিহাদৰ দৰে কুসংস্কাৰী, সমাজ বিৰোধী ব্যৱস্থাক বুজি পায়ো তেওঁলোকে ভাৰতীয় সভ্যতা-সংস্কৃতিক নস্যাৎ কৰিবলৈ এৰা নাই সেইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব ৷

ইফালে ভূপেন বৰাৰ নাট-গীত, শংকৰদেৱৰ লগত, অসম তথা অসমীয়াৰ লগত কোনো সম্পৰ্কই নাই বুলি কটাক্ষ কৰে সত্যৰঞ্জন বৰাই ৷ ভূপেন বৰাক পাবত গজা বুলি আখ্যা দি, কাৰোবাৰ কোলাত উঠি ৰাজনীতি কৰি আহি এতিয়া সভাপতি হ’ল বুলি উল্লেখ কৰে তেওঁ ৷

ক্ষমা খোজা মানেই শেষ নহয় বুলি উল্লেখ কৰি হিন্দুত্ববাদী নেতাজনে কয় শব্দ ব্ৰহ্ম, শব্দত শক্তি থাকে ৷ লগতে আহি থকা দিনত যদি সনাতন হিন্দু সভ্যতা, সংস্কৃতি, অসম-অসমীয়া আৰু শংকৰদেৱৰ সৃষ্টিক লৈ যদি এইদৰে ভেঙুচালি কৰে তেন্তে তেওঁৰ জিভা আৰু আঙুলি একো নাথাকিব বুলি ভূপেন বৰাক কঠোৰভাৱে সকীয়াই দিয়ে সত্যৰঞ্জন বৰাই ৷ লগতে আইনে যদি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভূপেন বৰাৰ গৃহত ইয়াৰ উত্তৰ বিচাৰি যাব বুলি উল্লেখ কৰে তেওঁ ৷ যিদিনাই উত্তৰ বিচাৰি ভূপেন বৰাৰ গৃহত যাব, সেইদিনা পৰিস্থিতিৰ দায়িত্ব অসম চৰকাৰ আৰু ভূপেন বৰাই নিজে ল’ব লাগিব বুলি বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই ৷

লগতে পঢ়ক :Love Jihad controversy: মহাভাৰতত লাভ জেহাদক লেটিয়াই অৱশেষত ঘোষাৰে ক্ষমা মাগিলে ভূপেন বৰাই

Last Updated : Jul 28, 2023, 2:57 PM IST

ABOUT THE AUTHOR

...view details