চামগুৰি,৩ ছেপ্টেম্বৰ :ৰাজ্যত পুনৰ শিক্ষক সমাজক লজ্জানক কৰিলে এগৰাকী প্ৰধান শিক্ষকে । এইবাৰ বিত্তীয় কেলেংকাৰীত লিপ্ত হ'ল নগাঁও জিলাৰ এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষক (Ex headmaster involved in financial scandal)। চামগুৰিত এই ঘটনাক লৈ চৰ্চা অব্যাহত আছে । চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে উঠিছে বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগ ।
বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাই নিজৰ কাৰ্যকালত প্ৰায় ৪ লাখ ৬৪ হাজাৰ ৪২৮ টকা অপপ্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা কমিতিৰ লগতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে । প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাৰ কাৰ্যকালত বিভিন্ন শিতানত লেনদেন হোৱা পুঁজি সন্দৰ্ভত চৰকাৰী হিচাপ পৰীক্ষকে দাখিল কৰা প্ৰতিবেদনৰ পিছতেই পোহৰলৈ আহে বৰাৰ এই সমগ্ৰ দুৰ্নীতিৰ কথা (Financial misappropriation in School)। কিন্তু এই কথা গম পোৱাৰ পাছতো নিমাত নগাঁও জিলা শিক্ষা বিভাগ । শিক্ষা বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
আনকি অভিযুক্ত প্ৰাক্তন অধ্যক্ষগৰাকীক বহুবাৰ বিষয়টো অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত অনাদায় হৈয়ে ৰ'ল বিদ্যালয়খনক ঘূৰাই দিবলগীয়া বৃহৎ পৰিমাণৰ ধনৰাশি । বিদ্যালয়খনে পাবলগীয়া ৪ লক্ষাধিক টকা গোলাপ চন্দ্ৰ বৰাই ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ ঘূৰাই নিদিয়াত উপায়ন্তৰ হৈ বৰ্তমানৰ অধ্যক্ষ প্ৰণৱজ্যোতি গোস্বামীয়ে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (Financial scam at Samaguri HS School)।