অসম

assam

ETV Bharat / state

অসম সমবায় মৰাপাট কললৈ দহ কোটিৰ অনুদান চৰকাৰৰ - কেশৱ মহন্ত

অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ বাবে সুখবৰ আনিছে সোণোৱাল চৰকাৰে ৷ আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ ১০ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত অসম চৰকাৰে ঘোষণা কৰা ১০ কোটি টকাৰ অনুদানে কলটোক গতিশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব

Financial Aid
অসম সমবায় মৰাপাট কল

By

Published : Nov 13, 2020, 12:34 PM IST

কলিয়াবৰ, 13 নবেম্বৰ :বিগত ১২ দিন ধৰি সম্পূৰ্ণৰূপে উৎপাদন বন্ধ হৈ থকা শিলঘাট মৰাপাট কলৰ কৰ্মচাৰীৰ মুখত পুনৰ হাঁহি বিৰিঙিছে ৷ চৰকাৰৰ এক ঘোষণাই স্বাভাৱিকতেই উৎফুল্লিত কৰিছে এইসকল কৰ্মচাৰীক ৷ এক চক্ৰান্তৰ ফলত কলটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে 2 নবেম্বৰৰ পৰা বন্ধ হৈ আছিল কাম-কাজ ৷ আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 কোটি টকাৰ আৰ্থিক সাহাৰ্য মোকলাই দিছে শিলঘাট মৰাপাট কলৰ বাবে ৷

অসম সমবায় মৰাপাট কললৈ দহ কোটিৰ অনুদান চৰকাৰৰ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কল পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত অসম চৰকাৰে ঘোষণা কৰা ১০ কোটি টকাৰ অনুদানে কলটোক গতিশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে উপ-সভাপতি পলাশ বৰাই । কল পৰিসৰত উপস্থিত কল-কৰ্মীসকলক সম্বোধন কৰি অনতি পলমে কলৰ উৎপাদন আৰম্ভ কৰাৰ লগতে বন্ধ হৈ থকা কৰ্মীসকলৰ দৰমহাও আংশিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে উপ-সভাতি গৰাকীয়ে । বৃহস্পতিবাৰে কল কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা কালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব‍্যক্তিগতভাবে কলৰ উত্তপ্ত পৰিস্থিতিৰ অন্তৰালত থকা বাদ-বিবাদ নিৰাময় কৰি কলটোৰ উন্নতিত সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মত প্ৰকাশ কৰে । লগতে দোষীক কৰায়ত্ব কৰিবলৈ তদন্তৰো পোষকতা কৰি কলৰ পৰিচালন মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তকো এই বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায় ।

ABOUT THE AUTHOR

...view details