কলিয়াবৰ,13 নৱেম্বৰ:শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য ৷ বিগত 12 দিনে শিলঘাট সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য বন্ধ হৈ আছিল ৷ বিভিন্ন আৰ্থিক সংকটৰ বাবে বন্ধ হৈ পৰিছিল মৰাপাট কলটোৰ কাম কাজ ৷ এক অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল মৰাপাট কলটোৰ কৰ্মচাৰীসকল ৷
শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য - কেশৱ মহন্ত
আৰ্থিক সংকটৰ বাবে বন্ধ হৈ পৰা শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য ঘোষনা ৷ বিগত 12 দিনে শিলঘাট সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য বন্ধ হৈ আছিল ৷ বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ সৈতে আলোচনা কৰি নগাঁৱৰ জনতা ভৱনৰ এখন সভাত সাহাৰ্য ঘোষণা কৰে ৷
শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য
তাৰ মাজতে বৃহস্পতি বাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ সৈতে আলোচনা কৰি নগাঁৱৰ জনতা ভৱনৰ এখন সভাত সাহাৰ্য প্ৰদানৰ কথা সদৰি কৰে ৷ 10 কোটি টকাৰ সাহাৰ্য ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে মৰাপাট কলটোৰ কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ ৰাইজে ৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে শিলঘাট মৰাপাট উদ্যোগটোলৈ ৷ অনতি পলমে উৎপাদন কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা দেখি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে কৰ্মচাৰী সকল ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ