অসম

assam

ETV Bharat / state

Municipal Election 2022: নগাঁৱত সামৰণি পৰিল পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব - Filing of municipal election nominations in Nagaon concludes

নগাঁৱত সামৰণি পৰিল পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব ৷ বিজেপি, কংগ্ৰেছ, অগপ, অসম জাতীয় পৰিষদ আদি ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে দাখিল কৰিলে মনোনয়ন পত্ৰ (Filing of municipal election nominations concludes) ৷

নগাঁৱত সামৰণি পৰিল পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব
নগাঁৱত সামৰণি পৰিল পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব

By

Published : Feb 16, 2022, 5:14 PM IST

নগাঁও,16 ফেব্ৰুৱাৰী :মনোনয়ন দাখিলৰ অন্তিম দিনা ঢোলে দগৰে নগাঁৱত মনোনয়ন দাখিল পৌৰ সভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ । পৌৰ সভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা নগাঁৱত এক উৎসৱমুখৰ পৰিবেশৰ মাজত মনোনয়ন দাখিল কৰে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে(Filing of municipal election nominations in Nagaon concludes) । বিজেপি, কংগ্ৰেছ, অগপ, অসম জাতীয় পৰিষদ আদি ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে দাখিল কৰিলে মনোনয়ন পত্ৰ ।

ইয়াকে কেন্দ্ৰ কৰি উখল মাখল পৰিবেশে বিৰাজ কৰে সমগ্ৰ নগাঁও চহৰত । নগাঁও পৌৰসভাৰ ২৬ টা মহলাৰ বাবে বিজেপিৰ ২২ গৰাকী প্ৰাৰ্থীয়ে এক উৎসৱ মূখৰ পৰিবেশত মনোনয়ন পত্ৰ দাখিল কৰে । নগাঁও পৌৰসভাৰ বাবে বিজেপিয়ে অগপক ৪ টা সমষ্টি এৰি দিছে । সেই অনুসৰি অগপৰ মনালিছা বৰুৱা ৰহমান ১৩ নং মহলা, তৌহিদুৰ ইছলাম ২০ নং মহলা, মুক্তা জয়ছোৱাল ১৫ নং মহলা আৰু ৰূপালী শইকীয়াই ২৪ নং মহলৰ বাবে মনোনমন দাখিল কৰে ।

নগাঁৱত পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব

ইফালে নগাঁও পৌৰ সভাত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত হৈছে বুজা বুজি । সেই অনুসৰি কংগ্ৰেছৰ হৈ ১, ২, ৩, ৪, ৭, ৯, ১১, ১২, ১৩, ১৪, ১৫, ১৬, ১৮, ১৯, ২০ ,২১, ২৩, ২৪, ২৫ আৰু ২৬ নং মহলাত ক্ৰমে কৃতিকা ৰয়, ভাৰতী ৰাণী পাল, মেঘালী বৰা, চালিনি গুপ্তা, অক্ষয় জ্যোতি কটকী, নীলনজেনা দাস, দীপঞ্জন দে, নজমুল হুছেইন, হেমা কুমাৰী প্ৰেমী, আবুল কালাম, মীনাক্ষী কুমাৰী শইকীয়া, জিতেন গোস্বামী, দীপাংকৰ শইকীয়া, দিপেন্দিতা গোস্বামী, আব্দুল কাদিৰ, গোপাল কৃষ্ণ দাস, পবিত্ৰ বৰা, চিমু গগৈ শইকীয়া, মনিকা দত্ত আৰু বাবলী পণ্ডিতে দাখিল কৰিছে মনোনয়ন পত্ৰ ।

নগাঁৱত সামৰণি পৰিল পৌৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব

অসম জাতীয় পৰিষদৰ হৈ ৫, ৬, ১০, ১৭ আৰু ২২ নং মহলাত প্ৰাৰ্থনা দাস, চুলতানা ছাদিয়া আফ্ৰিন, ইন্দুমতি ফুকন, শকুন্তলা চৌহান আৰু লক্ষজ্যোতি গোহাঁইয়ে মনোনয়ন দাখিল কৰিছে । ১৪ নং মহলাত আম আদমী পাৰ্টিৰ চাবিৰ হুছেইনে মনোনয়ন দাখিল কৰিছে বুলি জানিব পৰা গৈছে । ইপিনে অগপৰ চাৰিজন প্ৰাৰ্থীক লৈ নগাঁও পৌৰসভাৰ অগপৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা এখন বৈঠকত মিলিত হয় । বৰুৱাই প্ৰাৰ্থী সকলক শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় ।

আনহাতে, বিজেপিৰ ১৭ নং প্ৰাৰ্থী স্বপ্না লোধে সংবাদ মাধ্যমৰ আগত কয় যে, নগাঁও পৌৰসভা নিশ্চিতভাৱে বিজেপিৰ দখললৈ আহিব । তেওঁ নিজৰ মহলাত জয়ী হোৱাটো এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে । একেদৰে ৰহা , ধিং আৰু কামপুৰ নগৰ সমিতিৰ বাবেও ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে। বাতৰি লিখা সময়লৈ নগাঁও, ৰহা, কামপুৰ আৰু ধিঙত কিমান গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :মাজুলীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা : মনোনয়ন দাখিল ভুৱন গামৰ

ABOUT THE AUTHOR

...view details