কলিয়াবৰ,12 নৱেম্বৰ : বৃহস্পতিবাৰে অসম শক্তি বিতৰণ নিগমৰ কলিয়াবৰৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ দীৰ্ঘদিন ধৰি কলিয়াবৰৰ এটা অঞ্চল আন্ধাৰত ডুব গৈ থাকিবলগীয়া হোৱা বাবে কাৰ্যালয় ঘেৰাও কৰে এটা মহিলাৰ দলে ৷
জানিব পৰা মতে, কলিয়াবৰৰ 2 নং হাতীয়ে খোৱা গাঁৱত 22 দিন ধৰি বিকল হৈ আছে ট্ৰেঞ্চফাৰ্মা । বিকল হোৱা ট্ৰেঞ্চফাৰ্মাটোৰ পৰিৱৰ্তে নতুন ট্ৰেঞ্চফাৰ্মাৰ সংস্থাপন কৰি গাঁওখনত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনোৱাৰ পাচতো গা লৰা নাই বিদ্যুৎ বিভাগৰ ৷