নগাঁও,৭ জুলাই:ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰা অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এক উচ্চস্তৰৰ দলে শুক্ৰবাৰে নগাওঁ আৰু মৰিগাঁও জিলাৰ সত্ৰসমূহৰ পুনৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ বাবে প্ৰথমে নগাওঁ জিলাত উপস্থিত হয় ।
অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ উপদেষ্টা তথা অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ড৹ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, উপদেষ্টা তথা নাবাৰ্ডৰ প্ৰাক্তন মুখ্য মহা প্ৰবন্ধক, তপন কুমাৰ হাজৰিকা, সদস্য সচিব অশোক কুমাৰ বৰ্মন, আইএএছ (অৱসৰপ্ৰাপ্ত), পৰামৰ্শদাতা এম পি শৰ্মা, এচিএছ (অৱসৰপ্ৰাপ্ত), পৰামৰ্শদাতা অতুল দাস আৰু এএছঅ' উত্তম বৰাৰে গঠিত উচ্চ স্তৰীয় দলটোৱে প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বংশধৰে স্থাপন কৰা আৰু নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক শ্ৰী শ্ৰী ধিং শলগুৰি সত্ৰ ভ্ৰমণ কৰে ।
উপদেষ্টা তপন কুমাৰ হাজৰিকাই সত্ৰ পৰিচালনা সমিতিক সম্বোধন কৰি ভ্ৰমণৰ মূল উদ্দেশ্য দাঙি ধৰে আৰু সত্ৰৰ বৰ্তমানৰ সদস্যসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে ক’বলৈ কয় । ইয়াৰ পিছত দলটোৱে শ্ৰী শ্ৰী দামোদৰ দেৱ থান বালি সত্ৰ, বটদ্ৰৱা পৰিদৰ্শন কৰি শ্ৰী শ্ৰী নৰোৱা বালি সত্ৰৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰখনৰ ইতিহাস আৰু বিষয়সমূহৰ ওপৰত গভীৰ আলোচনা কৰে । ইয়াৰ পিছতে দলটোৱে বটদ্ৰৱাৰ শ্ৰী শ্ৰী ৰামপুৰ সত্ৰৰ স্থান পৰিদৰ্শন কৰে ।