ৰূপহীহাট, ১ মাৰ্চ: আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ নগাঁৱৰ ৰূপহীহাটৰ ৰবীন বৰদলৈৰ । অহা ৪ মাৰ্চত ভাৰত-নেপাল আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেলত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে ৰবীনে । ইয়াকে লৈ এতিয়া সমগ্ৰ অঞ্চলৰ লগতে নগাঁৱতো দেখা গৈছে আনন্দৰ বন্যা । ৰূপহীহাটৰ সুঁতিৰপাৰৰ তোষেশ্বৰ বৰদলৈ আৰু ৰঞ্জনা বৰদলৈৰ পুত্ৰ ৰবিন বৰদলৈ জুৰীয়া মহাবিদ্যালয়ত অধ্যয়নৰত । ৰবীনৰ এই সুখবৰ বিয়পি পৰাৰ লগে লগে সকলোৱে ৰবীনক শুভেচ্ছা জনায় ।
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ ৰূপহীহাটৰ ৰবীনৰ - ভাৰত-নেপাল আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেল
৪ মাৰ্চত ভাৰত-নেপাল আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেলত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ নগাঁৱৰ ৰূপহীহাটৰ ৰবীন বৰদলৈৰ । ৰূপহীহাটৰ সুঁতিৰপাৰৰ তোষেশ্বৰ বৰদলৈ আৰু ৰঞ্জনা বৰদলৈৰ পুত্ৰ ৰবিন বৰদলৈ ।

সোমবাৰে জুৰীয়া মহাবিদ্যালয়ত ৰবীনক বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ মহাবিদ্যালয়ৰ কলেজৰ অধ্যক্ষ তথা প্ৰৱক্তাসকলৰ লগতে ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা ৰবীনক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ড° হাচমত আলিয়ে ৰবীনক পাঁচ হাজাৰ টকাৰ এখন চে’ক প্ৰদান কৰে ৷ ৰূপহীহাটৰ অতি ভিতৰুৱা সুঁতিৰপাৰ অঞ্চলৰ পৰা ৰবীন বৰদলৈয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে কলেজৰ প্ৰৱক্তাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । নিশ্চয়কৈ ৰবীনৰ এই খবৰে সমগ্ৰ জিলাখনতে গৌৰৱ কঢ়িয়াই আনিছে । ৰবীনৰ লগতে পিতৃ-মাতৃয়েও আনন্দত মতলীয়া হৈ পৰিছে ।
লগতে পঢ়ক:৫ দিনে সন্ধানহীন এটি সন্তানৰ মাতৃ