কলিয়াবৰ, 11 জুলাই :কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হয় কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ এক অনুষ্ঠান (Felicitation program at Kaliabor)৷ ক’ভিড মহামাৰীৰ বাবে দুবছৰৰ বিৰতিৰ পাছত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিৰণ্য কুমাৰ চলিহাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই অভিনন্দন অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতি প্ৰসাদ শইকীয়া, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰেংলাৰ তথা গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক অনুপম শইকীয়া ।
সভাত ভাষণ প্ৰদান কৰি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতি প্ৰসাদ শইকীয়াই কয় যে আমাক এক সুন্দৰ সমাজ গঢ় দিয়াৰ উদ্দেশ্যে চিন্তা প্ৰক্ৰিয়াৰ উত্তৰণৰ প্ৰয়োজন । চিন্তা প্ৰক্ৰিয়াৰ সঠিক উত্তৰণ সমাজত জীৱন-জীৱিকাৰ বাবে কেতিয়াও হ'ব নালাগে । সভ্যতা সংস্কৃতি উত্তৰণৰ বাবে কাম কৰাৰ এক আগ্ৰহ জন্মিব লাগিব । যি আগ্ৰহে সমাজৰ উন্নতিত নিজকে আত্মনিয়োগ কৰাৰ কাৰ্যত ব্ৰতী হোৱাত সহায়ক হ'ব ।
তেওঁ লগতে কয়, ধাৰণাৰ সঠিক দৃষ্টিকোণেৰে এক সম্পদশালী সমাজ গঢ়াত অগ্ৰসৰ হ'ব পাৰিব নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল । চিন্তন প্ৰক্ৰিয়া গঢ় দিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃ তথা শিক্ষাগুৰুসকলক কৰা উচিত সন্মান প্ৰদৰ্শন আমাক আগবঢ়াই লৈ যোৱাত সহায়ক হ'ব ।
আই আই টি গুৱাহাটীৰ অধ্যাপক অনুপম শইকীয়াই কয়, ‘‘ছাত্ৰ-ছাত্ৰীসকলে এক লক্ষ্য লৈ শিক্ষা গ্ৰহণ কৰি প্ৰতিযোগিতামূলক পৰীক্ষালৈও সাজু হ'ব লাগিব । বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো ক্ষণতে সজাগ হৈ থাকিব লাগিব । আজি ক'ত আছোঁ ডাঙৰ কথা নহয়, আমি কি দিশে গৈ আছোঁ সেইটোহে গুৰুত্বপূৰ্ণ । তাৰ বাবে প্ৰত্যাহ্বানমূলক কাৰ্যত ব্ৰতী হ'ব পৰাকৈ নিজকে সাজু কৰিব লাগিব । যিখিনি সমল আমাৰ হাতত আছে, সেইখিনিৰেই আগবাঢ়িব লাগিব’’ ।