ধিং, ২৩জুলাই: হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ধিং সমষ্টিৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক নগাঁৱৰ বেছামাৰী আঞ্চলিক যুৱ সংঘই অভিনন্দন জ্ঞাপন কৰে (Felicitation of students at Besamari in Nagaon)। বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বেছামাৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত শনিবাৰে আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।
উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী-সকলক একোখনকৈ প্ৰশস্তি পত্ৰৰ লগতে ফুলাম গামোচা, কলম, গছপুলি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । মৈৰাবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য শ্বৰিফুদ্দিন আহমেৰ সভাপতিত্ব অনুষ্ঠিত এই সম্বৰ্ধনা সভাত ধিং সমষ্টিৰ দুই শতাধিক মেধাবী তথা সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থী উপস্থিত থাকে । ইপিনে, এশ শতাংশ উত্তীৰ্ণ হোৱা বিদ্য়ালয়ৰ শিক্ষক তথা মুৰব্বীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে ।
নগাঁৱৰ বেছামাৰীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ছাত্ৰ -ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি কয় যে মনৰ দৃঢ়তা আৰু একাগ্ৰতা থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি (Congress leader Rockybul Hussain)। উক্ত অনুষ্ঠানত উপস্থিত থকা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ভাষন প্ৰদান কৰি কয়, যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই তেওঁলোকে এইটো ভাবিব নালাগে যে তেওঁলোকৰ জীৱনটো শেষ হৈছে । কাৰন এনে মহান ব্যাক্তিৰ জীৱন কাহিনী আছে যিয়ে বহুবাৰ বিফল হোৱাৰ পিছতো সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে ।
নগাঁৱৰ বেছামাৰীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ড°এ পি জে আব্দুল কালাম, লক্ষ্মীনাথ বেজবৰুৱাৰ আদি বিখ্যাত ব্যক্তিৰ জীৱনী কাহিনী পঢ়িলেই ক'ব পৰা যায় মানুহে কিমান বিফলতাৰ পিছতো সফলতাৰ মুখ দেখিবলৈ পাইছিল । গতিকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰিব লাগে বুলি মন্তব্য কৰে নুৰুল হুদাই । অনুষ্ঠানটোত বেছামাৰী জিলা পৰিষদৰ সদস্য নৱনীতা আহমেদকে ধৰি নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীও উপস্থিত থাকে।
লগতে পঢ়ক:ED Arrested Partha chatterjee: গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগৰ মন্ত্ৰী পাৰ্থ চেৰ্টাজী