অসম

assam

ETV Bharat / state

Tiger fear in Samaguri: বাঘৰ আতংকত ত্ৰাহি মধুসূদন সুঁৱৰিছে চামগুৰিবাসীয়ে - Tiger fear in Samaguri

বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে এতিয়া বাঘৰ আতংক বিৰাজ কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বৰদল অঞ্চলত । বাঘৰ আক্ৰমণত ইতিমধ্যে আহত হৈছে দুজনকৈ লোক(Tiger roaming in Samaguri) । স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে বনবিভাগ ।

Tiger scare in Samguri
বাঘৰ আতংকত ত্ৰাহি মধুসূদন সুঁৱৰিছে চামগুৰিবাসীয়ে

By

Published : Dec 3, 2022, 2:20 PM IST

চামগুৰি,৩ ডিচেম্বৰ:বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসী ৰাইজে । ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বাঘৰ মুক্ত বিচৰণে গৃহবন্দী কৰিছে জনতাক । বাঘৰ আতংক বিৰাজ কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বৰদল অঞ্চলতো(Tiger roaming in Samaguri) । দীৰ্ঘদিন ধৰি বৰদলৰ মিকিৰগাঁৱত এটা বাঘে গঞাঁ ৰাইজৰ কেইবাটাও পোহনীয়া গাহৰি-ছাগলী মাৰি তীব্ৰ আতংক চলাই আহিছে ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে পথাৰত কাম কৰি থকাৰ অৱস্থাত বাঘটোৱে গাঁওখনৰে নৰসিং ওৰাং আৰু ডেনিয়েল হ'ৰ্ নামৰ দুজন লোকক অতৰ্কিতে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাত চিকিৎসাধীন হ'ব লগীয়া হয় লোক দুজন(Man Injured in Tiger Attack in Samaguri) । এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি গঞাঁ ৰাইজৰ মাজত পুনৰ বাঘৰ আতংক বৃদ্ধি পোৱাত বন বিভাগেও বৰদলবাসীক সুৰক্ষা প্ৰদানৰ বাবে দিনে-নিশাই অঞ্চলটোত তহল দিয়া পৰিলক্ষিত হৈছে(Tiger scare in Samguri) ।

বাঘৰ আতংকত ত্ৰাহি মধুসূদন সুঁৱৰিছে চামগুৰিবাসীয়ে

কিন্তু তাৰ মাজতে বাঘটোৱে পুনৰ দুই-এক পশুধনক আক্ৰমণ কৰাৰ প্ৰমাণ প্ৰত্যক্ষ কৰি শেহতীয়াকৈ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে বৰদল মিকিৰগাঁৱৰ এখন বিশেষ হাবিত পাতিছে এটা লোৰ পিঞ্জৰা । এটা ছাগলীক টোপ হিচাপে পিঞ্জৰাটোত ভৰাই নিশাটোৰ বাবে এৰি থৈ অহা হৈছে সততে বাঘটোৱে বিচৰণ কৰা বুলি গঞাঁ ৰাইজে দাবী কৰা বিশেষ হাবিখনত । উগ্ৰ প্ৰকৃতিৰ বাঘটোৰ আক্ৰমণ তথা অনাকাংক্ষিত বিপদৰ পৰা গঞাঁ ৰাইজ ৰক্ষা পাবৰ বাবে নিশাটোৰ ভিতৰতেই বাঘটো পিঞ্জৰাবদ্ধ হোৱাতো আশা কৰিছে কৰ্তব্যৰত বন বিভাগৰ লোক সকলে ।

লগতে পঢ়ক:Child abduction attempt: মাতৃৰ কোলাৰ পৰাই শিশু অপহৰণৰ চেষ্টা

ABOUT THE AUTHOR

...view details