অসম

assam

Fax Machine লৈ মনত পৰে নে আপোনাৰ !

By

Published : Jun 16, 2021, 7:49 PM IST

আধুনিকতাৰ ধামখুমীয়া পৰিৱেশৰ মাজত হেৰাই গৈছে মফছলীয় সাংবাদিক সকলে প্ৰতিষ্ঠানলৈ বাতৰি প্ৰেৰণ কৰিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা ফেক্স মেছিন(Fax Machine ) ৰ প্ৰয়োজনীয়তা ৷

fax machine now became past memory
পাহৰণিৰ গৰ্ভত পুৰণি ফেক্স মেছিন

চামগুৰি, 16 জুন :পাহৰণিৰ গৰ্ভত পুৰণি ফেক্স মেছিন(Fax Machine )সমূহ । আধুনিকতাৰ ধামখুমীয়া পৰিৱেশত সম্প্ৰতি পাহৰণীৰ গৰ্ভত হেৰাই যাবলৈ ধৰিছে ফেস্ক মেছিন । পূৰ্বতে মফছলীয় সাংবাদিক সকলে প্ৰতিষ্ঠানলৈ বাতৰি প্ৰেৰণ কৰিবলৈ বহুলভাৱে ব্যৱহাৰ কৰিছিল ফেক্স মেছিন(Fax Machine) । চৰকাৰী-বেচৰকাৰী কাৰ্যলয় সমূহত প্ৰায়ে ব্যৱহাৰ হৈছিল ফেক্স মেছিন(Fax Machine) ।

পাহৰণিৰ গৰ্ভত পুৰণি ফেক্স মেছিন

কিন্তু বৰ্তমান সময়ত এই অত্যাৱশ্যকীয় যন্ত্ৰ বিধ পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে । সংযুক্ত সাংবাদিক সন্থা (উকাচ)ৰ সভাপতি তথা চামগুৰিৰ জেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই হেঁপাহেৰে এদিন ক্ৰয় কৰি অনা ফেক্স মেছিন(Fax Machine)টো সম্প্ৰতি সংৰক্ষণৰ ব্যৱস্থা কৰিছে; যাতে নৱপ্ৰজন্মই ভৱিষ্যতৰ দিনত ফেক্স মেছিন(Fax Machine)টো চিনিব পাৰে আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে অতি সহজে বুজি পাব পাৰে ।

লগতে পঢ়ক : ইটাখোলাৰ ধুবিখোলাত বোমা উদ্ধাৰ

ABOUT THE AUTHOR

...view details