অসম

assam

বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ

By

Published : Feb 26, 2021, 11:42 AM IST

নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন আৰু নগাঁও ছাইল্ড লাইনৰ তৎপৰতাত নতুন জীৱন পালে মুকবধিৰ বোধন ৰবি দাসৰ মুকবধিৰ পুত্ৰই ৷

বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ
বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ

কলিয়াবৰ,26 ফেব্ৰুৱাৰীঃকলিয়াবৰৰ এটা বিশেষ ভাবে সক্ষম দৰিদ্ৰ পৰিয়ালৰ পিতা-পুত্ৰৰ দুৰৱস্থাৰ বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ‍্যমত । তাৰ পিচতেই নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন আৰু নগাঁও ছাইল্ড লাইনৰ তৎপৰতাত নতুন জীৱন পালে মুকবধিৰ বোধন ৰবি দাসৰ মুকবধিৰ পুত্ৰই।

বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ
উল্লেখযোগ্য যে, বিশেষভাবে সক্ষম পুত্ৰক শুশ্ৰষা কৰিবলৈ মুকবধিৰ পিতৃয়ে পুত্ৰক ঘৰতে এৰি যাব লগা হয় হাজিৰা কৰিবলৈ । সম্প্ৰতি মাতৃহীন পুত্ৰ আৰু মুকবধিৰ পিতৃৰ এই কৰুণ অৱস্থাৰ পৰা মুক্ত কৰাৰ দায়িত্ব জিলা প্ৰশাসনে লোৱাত সুখী স্থানীয় বাসিন্দা । সেই অনুসৰিয়েই বৃহস্পতিবাৰে পৰিয়ালটিৰ গৃহত উপস্থিত হয় নগাঁও ছাইল্ড লাইনৰ বিষয়ববীয়া । তাৰ পাছতেই শিশুটিক উন্নত চিকিৎসা তথা প্ৰতিপালনৰ বাবে লৈ যায় নগাঁও ছাইল্ড লাইনে।
বিশেষভাবে সক্ষম যুৱকক সহায় জিলা উপায়ুক্তৰ
জানিব পৰা মতে, কাম বিচাৰি ওলাই যোৱা মুকবধিৰ পিতৃয়ে পুৱাই বিশেষভাবে সক্ষম পুত্ৰক এমুঠি খুৱাই ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি থৈ ভিতৰতে আৱদ্ধ কৰি ৰাখিব লগা এক অৱস্থা হৈছিল। উল্লেখ্য যে, ছয় বছৰীয়া পুত্ৰ সন্তানটোৰ মাতৃয়ে এবছৰ পূৰ্বেই পুত্ৰ আৰু স্বামীক এৰি থৈ গুছি গৈছিল।

ABOUT THE AUTHOR

...view details