কলিয়াবৰ, ৫ ছেপ্টেম্বৰ :অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ তথা সত্ৰাধিকাৰ দেৱকান্ত মহন্তৰ বিয়োগ (Father of Former CM Prafulla Kumar Mahanta died) । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেওবাৰে নিশা দেহাৱসান ঘটে (Satradhikar Debakanta Mahanta passes away) ৷
নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত উলুৱনিৰ শ্ৰীশ্ৰীৰূপনাৰায়ণ খামুচীয়া সত্ৰৰ নিজা বাসগৃহত তেওঁৰ বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত দেৱকান্ত মহন্তৰ বয়স আছিল ৯৯ বছৰ ৷ উল্লেখ্য, নিজৰ কৰ্মজীৱন শিক্ষকতাৰ দৰে মহান বৃত্তিৰে আৰম্ভ কৰিছিল প্ৰয়াত দেৱকান্ত মহন্তই । তেওঁ পানীগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে ।
প্ৰয়াত মহন্ত কলিয়াবৰৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছিল । কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ দীৰ্ঘকাল ধৰি সভাপতিৰ দায়িত্বতো আছিল প্ৰয়াত সত্ৰাধিকাৰগৰাকী । অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দেৱকান্ত মহন্তই মৃত্যুৰ সময়ত ইহসংসাৰত তিনি পুত্ৰ ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, চাহ খেতিয়ক তথা উদ্যোগী দিলীপ মহন্ত আৰু অধ্যাপক বিপুল মহন্তসহ এগৰাকী কন্যা সন্তান এৰি থৈ যায় ৷