কলিয়াবৰ,19 ছেপ্টেম্বৰ: ঘৰুৱা কন্দলৰ ভয়ঙ্কৰ পৰিণতি । পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ(Father killed his son) । কলিয়াবৰত দেওবাৰে নিশা সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো ।
পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পুত্ৰ সঞ্জীৱ বৰা (২৪)। পিতৃ হৰেন বৰাৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পিছতে পিতৃয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে পুত্ৰক । গুৰুতৰভাৱে আহত সঞ্জীৱ বৰাক প্ৰথমে জখলাবন্ধা চিকিৎসালয়লৈ পিতৃ হৰেন বৰাই ১০৮ এম্বুলেঞ্চৰ যোগেদি লৈ আহে ।
পৰৱৰ্তী সময়ত জখলাবন্ধাৰ পৰা উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ সঞ্জীৱক প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱৰ শেষ নিশা মৃত্যু ঘটে(Tezpur medical college) । পুত্ৰক পিতৃৰ নৃশংস আক্ৰমণৰ কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ ঘৰুৱা কন্দলৰ বাবেই এনে অনাকাংশিত ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
পিতৃৰ দাৰ ঘাপত মৃত্যুক সাৱটিলে পুত্ৰই ঘটনাটো সংঘটিত হোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে সমগ্ৰ অঞ্চলজুৰি ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে আহত সঞ্জীৱ বৰাৰ মাতৃক সোধপোছৰ বাবে কলিয়াবৰ থানালৈ লৈ আনে । ইতিমধ্যে পিতৃক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে ।
লগতে পঢ়ক:হঠাতে এপিডিচিএলৰ লাভ বাঢ়িল কেনেকৈ ?