নগাঁও, 9 জুন : এগৰাকী ব্যক্তিৰ আত্মহত্যাৰ পিচত উদ্ধাৰ হোৱা চুইছাইড নোটক লৈ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱৰ চলচলি জলাহগাঁৱত। নিজ কন্যাৰ ওপৰত জোঁৱাইকে কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা বুলি চুইছাইড নোট লিখি আত্মহত্যা কৰে চলচলি জলাহগাঁৱৰ প্ৰদীপ বৰা নামৰ লোকজনে । কামপুৰৰ ঋতুপাবন নাথৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰদীপ বৰাৰ কন্যা। কিন্তু বিয়াৰ পিছৰ পৰাই ঋতুপবন নাথে পত্নীৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন ।
বিগত কিছুদিনৰ পৰা পিতৃগৃহতে আছিল প্ৰদীপ বৰাৰ কন্যা। সোমবাৰে নিশা ঋতুপবন নাথে পিতৃগৃহত থকা অন্তঃসত্বা পত্নীক পেটত প্ৰহাৰ কৰি সন্তান নষ্ট কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে । ইমানতে ক্ষান্ত নাথাকি শহুৰেক আৰু শাহুৱেককো অত্যাচাৰ চলোৱা বুলি উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ সুৰাসক্ত অৱস্থাত লগত কেইজনমান যুৱক লৈ আহি এইদৰে অত্যাচাৰ চলোৱা বুলি জানিবলৈ দিছে মৃত লোকজনৰ পত্নী আৰু কন্যাই ৷ নিজ কন্যাৰ ওপৰত চলা এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি প্ৰদীপ বৰাই চীপ লৈ আত্মহত্যা কৰা বুলি চুইছাইড নোটত উল্লেখ কৰিছে ।