নগাঁও,11 নৱেম্বৰঃনগাঁৱত পাষাণ পিতৃয়ে হত্যাৰ চেষ্টা চলায় নিজ পুত্ৰৰ লগতে পিতৃক ৷ মাতৃক কৰা শাৰিৰীক অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই পুত্ৰক কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলায় পাষাণ পিতৃয়ে ৷ নগাঁও জিলাৰ বঢ়মপুৰত সংঘটিত হৈছে এই ঘটনা ৷ নিজ মাতৃক কৰতেৰে কাটি হত্যাৰ চেষ্টা চলোৱা পিতৃক বাধা দিবলৈ গৈ পিতৃৰ হাতত প্ৰহৃত হয় পুত্ৰ ৷
নিজ পুত্ৰৰ ওপৰত পিতৃৰ অমানৱিক অত্যাচাৰ
নগাঁও জিলাত নিজ পিতৃৰ হাতত প্ৰহৃত হৈছে পুত্ৰকে আৰু মাতৃ ৷ দীৰ্ঘদিন ধৰি নিজৰ মাতৃক অত্যাচাৰ কৰি অহাৰ বিৰুদ্ধে পুত্ৰই প্ৰতিবাদ কৰাৰ বাবেই কেৰাচিন ঢালি হত্যাৰ চেষ্টা চলায় পাষাণ পিতৃয়ে ৷
অভিযুক্ত লোকজন হৈছে বঢ়মপুৰৰ কমল বৰা ৷ পেচাত এগৰাকী কাঠমিস্ত্ৰী বৰাই দেওবাৰে নিশাৰ ভাগত সংঘটিত কৰে এই ঘটনা ৷ অত্যাধিক সুৰাপান কৰা কমল বৰাক সুৰাপান কৰিবলৈ বাধা প্ৰদান কৰি আহিছিল নিজৰ পত্নীয়ে ৷ সুৰাপান কৰিবলৈ বাধা দিয়াৰ বাবেই পত্নীক কৰতেৰে কাটি হত্যাৰ চেষ্টা চলায় অভিযুক্ত কমল বৰাই ৷ পিতৃৰ এই কাৰ্যত বাধা প্ৰদান কৰে নিজ পুত্ৰই,যাৰ বাবে পুত্ৰকো কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলায় ৷ ইতিমধ্যে মাতৃ আৰু পুত্ৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আত্মীয়ই ৷
ঘটনা সন্দৰ্ভত নগাঁৱৰ ইটাচালি আৰক্ষী চকীত মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে বহুবাৰ এজাহাৰ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে নিৰ্যাতিত পৰিয়ালটোক সহায়ৰ বিপৰীতে ওলোটাই দাবী-ধমকি প্ৰদান কৰি খেদি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷